২৫ শতাংশলৈকে বাঢ়িব সুৰাৰ দাম

ৰাজ্যৰ সুৰাপায়ীসকলৰ বাবে দুঃখবৰ। ১০ ডিচেম্বৰৰ পৰা বাঢ়িব সুৰাৰ দাম। ১৮ শতাংশৰ পৰা ২৫ শতাংশ পৰ্যন্ত সুৰাৰ মূল্যবৃদ্ধি। অসম আবকাৰী বিধি সংশোধনী প্ৰকাশ কৰি ৰাজপত্ৰিত জাননীৰ জৰিয়তে মূল্যবৃদ্ধি কৰা হৈছে। প্ৰতি বটলত ২৪ টকাৰ পৰা ৩০০ টকা পৰ্যন্ত বৃদ্ধি পাব। এহেজাৰ টকাৰ বটলৰ ওপৰৰ মূল্যৰ সুৰাৰ বটলত ন্যূনতম ৩০০ টকা বৃদ্ধি পাব।

পেট্ৰ’ল-ডিজেলৰ ভেট হ্ৰাস কৰাৰ সময়তে সুৰাৰ দাম বৃদ্ধি ঘোষণা কৰিছিল। পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত ৰাজকোষত দেখা দিয়া ঘাটি পূৰণ কৰিবলৈকে এই বৃদ্ধি কৰা হৈছে। বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত আবকাৰী শুল্ক বৃদ্ধিৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ কৰিব পাৰি যে, লকডাউনৰ সময়তো ৰাজ্য চৰকাৰে বৃদ্ধি কৰিছিল সুৰাৰ দাম। পৰৱৰ্তী পৰ্যায়ত পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে হ্ৰাস কৰা হৈছিল সুৰাৰ দাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ

অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰৰ অংশ...

মাজুলীত ৪.৩২ গ্ৰাম হেৰ’ইনসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

মাজুলীত ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে।...