আহি আছে ‘বজৰংগী ভাইজান’ৰ চিকুৱেল

0 132

চলমান খানৰ অনুৰাগীসকলৰ বাবে বছৰৰ শেষত এটা ভাল খবৰ। সোনকালেই ছবিগৃহলৈ আহি আছে বজৰংগী ভাইজানৰ চিকুৱেল। চুপাৰষ্টাৰজনে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এই কথা। এছ এছ ৰাজামৌলীৰ দেউতাক ভি বিজয়েন্দ্ৰ প্ৰসাদে লিখিছে বজৰংগী ভাইজানৰ চিকুৱেল। অভিনেতাজনে ‘আৰআৰআৰ’ চিনেমাখনৰ প্ৰাক-মুক্তি অনুষ্ঠানত উপস্থিত আছিল আৰু সেই অনুষ্ঠানত অনুৰাগীসকলক চিকুৱেলৰ বিষয়ে আনুষ্ঠানিকভাবে মন্তব্য কৰিছিল। এই অনুষ্ঠানত চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ, এছ এছ ৰাজামৌলীৰ লগতে আৰআৰআৰ অভিনেতা জুনিয়ৰ এনটিআৰ, ৰাম চৰণ আৰু আলিয়া ভাটো উপস্থিত আছিল। উল্লেখ্য যে, এছ এছ ৰাজামৌলীৰ দেউতাক ভি বিজয়েন্দ্ৰ প্ৰসাদে মূল ছবিখনৰ বাবে শ্ৰেষ্ঠ কাহিনীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।


ছবিখনে ভাৰত আৰু পাকিস্তানৰ মাজত একতাৰ বাৰ্তা প্ৰদান কৰিছিল। বলীউডৰ চুপাৰষ্টাৰ চলমান খানে ছবিখনত এজন সৰল মনৰ হনুমান ভক্ত পৱনৰ চৰিত্ৰত অভিনয় কৰিছিল। চিনেমাখনত দেখুওৱা হৈছেল এগৰাকী কথা কব নোৱাৰা কণমানিৰ সৈতে পাকিস্তানলৈ যাবলৈ সীমান্তপথ অতিক্ৰম কৰিছিল। মুন্নী নামৰ কিশোৰীগৰাকীৰ চৰিত্ৰত অভিনয় কৰিছিল হৰ্ষলী মালহোত্ৰাই। চিনেমাখন ৰিলিজ হোৱাৰ পিছতে সকলোৱে আদৰি লৈছিল মুন্নীক। ছবিখনত জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন চিদ্দিকীক এজন পাকিস্তানী প্ৰতিবেদক বা সংবাদসেৱী হিচাপে দেখা গৈছিল।


বজৰংগী ভাইজান চিনেমাখনে দৰ্শকৰ পৰা অপৰিসীম মৰম আৰু সমালোচকৰ প্ৰশংসা লাভ কৰিছিল। চলচ্চিত্ৰখন ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসৰ অন্যতম ডাঙৰ ব্লকবাষ্টাৰ ৰূপে পৰিগণিত হয়।
চলচ্চিত্ৰখন ২০১৫ চনৰ ১৭ জুলাইত ছবিগৃহত মুক্তি দিয়া হৈছিল। কবীৰ খানৰ দ্বাৰা পৰিচালিত এই ছবিখনত চলমান খানৰ উপৰিও কৰীণা কাপুৰ আৰু নৱাজুদ্দিন চিদ্দিকীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।

Leave A Reply

Your email address will not be published.