আহি আছে ‘বজৰংগী ভাইজান’ৰ চিকুৱেল

চলমান খানৰ অনুৰাগীসকলৰ বাবে বছৰৰ শেষত এটা ভাল খবৰ। সোনকালেই ছবিগৃহলৈ আহি আছে বজৰংগী ভাইজানৰ চিকুৱেল। চুপাৰষ্টাৰজনে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এই কথা। এছ এছ ৰাজামৌলীৰ দেউতাক ভি বিজয়েন্দ্ৰ প্ৰসাদে লিখিছে বজৰংগী ভাইজানৰ চিকুৱেল। অভিনেতাজনে ‘আৰআৰআৰ’ চিনেমাখনৰ প্ৰাক-মুক্তি অনুষ্ঠানত উপস্থিত আছিল আৰু সেই অনুষ্ঠানত অনুৰাগীসকলক চিকুৱেলৰ বিষয়ে আনুষ্ঠানিকভাবে মন্তব্য কৰিছিল। এই অনুষ্ঠানত চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ, এছ এছ ৰাজামৌলীৰ লগতে আৰআৰআৰ অভিনেতা জুনিয়ৰ এনটিআৰ, ৰাম চৰণ আৰু আলিয়া ভাটো উপস্থিত আছিল। উল্লেখ্য যে, এছ এছ ৰাজামৌলীৰ দেউতাক ভি বিজয়েন্দ্ৰ প্ৰসাদে মূল ছবিখনৰ বাবে শ্ৰেষ্ঠ কাহিনীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।


ছবিখনে ভাৰত আৰু পাকিস্তানৰ মাজত একতাৰ বাৰ্তা প্ৰদান কৰিছিল। বলীউডৰ চুপাৰষ্টাৰ চলমান খানে ছবিখনত এজন সৰল মনৰ হনুমান ভক্ত পৱনৰ চৰিত্ৰত অভিনয় কৰিছিল। চিনেমাখনত দেখুওৱা হৈছেল এগৰাকী কথা কব নোৱাৰা কণমানিৰ সৈতে পাকিস্তানলৈ যাবলৈ সীমান্তপথ অতিক্ৰম কৰিছিল। মুন্নী নামৰ কিশোৰীগৰাকীৰ চৰিত্ৰত অভিনয় কৰিছিল হৰ্ষলী মালহোত্ৰাই। চিনেমাখন ৰিলিজ হোৱাৰ পিছতে সকলোৱে আদৰি লৈছিল মুন্নীক। ছবিখনত জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন চিদ্দিকীক এজন পাকিস্তানী প্ৰতিবেদক বা সংবাদসেৱী হিচাপে দেখা গৈছিল।


বজৰংগী ভাইজান চিনেমাখনে দৰ্শকৰ পৰা অপৰিসীম মৰম আৰু সমালোচকৰ প্ৰশংসা লাভ কৰিছিল। চলচ্চিত্ৰখন ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসৰ অন্যতম ডাঙৰ ব্লকবাষ্টাৰ ৰূপে পৰিগণিত হয়।
চলচ্চিত্ৰখন ২০১৫ চনৰ ১৭ জুলাইত ছবিগৃহত মুক্তি দিয়া হৈছিল। কবীৰ খানৰ দ্বাৰা পৰিচালিত এই ছবিখনত চলমান খানৰ উপৰিও কৰীণা কাপুৰ আৰু নৱাজুদ্দিন চিদ্দিকীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...