যুৱ পুৰুষ-মহিলা ক্ৰিকেটাৰৰ লগত ৰাজস্থান ৰয়েলছৰ ক্ৰিকেট সঞ্চালক কুমাৰ ছাংগাকাৰাৰ বাৰ্তালাপ

আই পি এল দল ৰাজস্থান ৰয়েলছৰ ক্ৰিকেট সঞ্চালক কুমাৰ ছাংগাকাৰাই আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান ৰঞ্জী দলৰ সদস্যৰ লগাতে ৰাজ্যৰ ১৯ আৰু ২৩ বছৰ অনূধ্বৰ্ৰ পুৰুষ আৰু মহিলা ক্ৰিকেটাৰসকলৰ সৈতে এক বাৰ্তালাপ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠানত শ্ৰীলংকাৰ কিংবদন্তি ক্ৰিকেটাৰগৰাকীয়ে তেওঁৰ বৰ্ণিল কেৰিয়াৰৰ নানান উত্তৰণ তথা অৱনমনৰ কথা ব্যক্ত কৰাৰ লগতে পেচাদাৰী খেলুৱৈৰূপে কিদৰে সামগ্ৰিক বিকাশ ত্বৰান্বিত কৰিছিল আৰু এজন যুৱ ক্ৰিকেটাৰসকলেও কেনেদৰে প্ৰত্যাহ্বান হেলাৰঙে পাৰ কৰি লক্ষ্যত উপনিত হোৱাত সফলতা লাভ কৰিব পাৰে সেই বিষয়ে আলোকপাত কৰে তথা পৰামৰ্শ দিয়ে৷

উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহতে ৰাজস্থানৰ ক্ৰীড়া মন্ত্ৰী তথা অলিম্পিক পদকজয়ী ভাৰতীয় শ্বুটাৰ কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোৰৰ অনুৰোধ মৰ্মে ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে ৰাজস্থান ৰঞ্জী দলটোক সহায় কৰিবলৈ ছাংগাকাৰৰ এক মেণ্টৰিং অনুষ্ঠান আয়োজন কৰাৰ কথা ঘোষণা কৰিছিল৷ অহা ১৬ মে’ত অসমতো জুনিয়ৰ ক্ৰিকেটাৰৰ বাবে আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে ছাংগাকাৰৰ এনে এক অনুষ্ঠান আয়োজন কৰিব বুলি ইতিমধ্যে গুৱাহাটী ভ্ৰমণত ৰয়েলছৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেকক্ৰামে আনুষ্ঠানিকভাবে ঘোষণা কৰিছে৷

আজিৰ অনুষ্ঠানত ছাংগাকাৰাৰ লগতে উপস্থিত থাকে দলটোৰ আৰু মুখ্য ফিজিঅ’থেৰাপিষ্ট গ্লষ্টাৰো৷ আলোচনাৰ বিষয়বস্তু আছিল প্ৰথম শ্ৰেণী পৰ্যায়ত সফল হ’বলৈ কি কৰিব লাগে, চৰিত্ৰ গঢ়ি তুলিবলৈ কিতাপ পঢ়াৰ গুৰুত্ব, বিভিন্ন ফৰ্মেটৰ লগত খাপ খুৱাই লোৱাৰ প্ৰত্যাহ৩ান, ফিটনেছ, পুষ্টি আৰু মানসিক শক্তিয়ে খেলপথাৰত প্ৰদৰ্শনত কেনেকুৱা প্ৰভাৱ পেলায়৷ যুৱ ক্ৰিকেটাৰসকলে ৰাজস্থান ৰয়েলছৰ দুই প্ৰশিক্ষকক বিফলতা আৰু বেয়া ফৰ্মৰ সৈতে মোকাবিলা কৰাৰ উত্তম উপায়ৰ বিষয়েও নানান প্ৰশ্ন কৰাৰ লগতে তেওঁলোকে দৈনন্দিন জীৱনত কেনে অভ্যাস গঢ়ি তুলিব যাতে তেওঁলোকে খেলত মনোনিৱেশ কৰাত সহায়ক হয় তাৰ বিষয়েও পৰামৰ্শ লয়৷ 

আজিৰ অনুষ্ঠান সন্দৰ্ভত ৰাজস্থান ৰয়েলছৰ ক্ৰিকেট সঞ্চালক ছাংগাকাৰাই কয় ‘ৰাজস্থানৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰসকলৰ সৈতে জড়িত হোৱাৰ লগতে তেওঁলোকৰ সামগ্ৰিক অগ্ৰগতিত সহায় কৰিব পৰাটো আমাৰ বাবে ফ্ৰেঞ্চাইজি হিচাপে এক সুন্দৰ সুযোগ৷ খেলুৱৈয়ে যেতিয়া কেৰিয়াৰ আৰম্ভ কৰে তেতিয়া সদায় উত্তৰণ কৰিবলৈ আনৰ পৰা পাব পৰা সকলো অন্তৰ্দৃষ্টি লাভ কৰাৰ দিশটো চাই থাকে আৰু আমি এই যুৱকসকলে যাতে সঠিক দিশসমূহত নিজৰ শক্তি কেন্দ্ৰীভূত কৰিব পাৰে আৰু লগতে সঠিক উত্তৰ বিচাৰি উলিয়াব পাৰে তাৰ বাবে হাত আগবঢ়াই সুখী অনুভৱ কৰিছো৷’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...