ইছমাইল হোছেইনৰ এখন গ্ৰন্থক লৈ ৰাজ্যজুৰি বিতৰ্ক, কি আছে গ্ৰন্থখনত?

ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ গ্ৰন্থক লৈ শেহতীয়াভাবে বিতৰ্কৰ মাজত সোমাই পৰিছে ইছমাইল হুছেইন। সুধী সমাজৰ মাজত এক পৰিচিত নাম ইছমাইল হুছেইন। চৰ অঞ্চলত বিহু জনপ্ৰিয় কৰা, অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে হুছেইনে।

বিহু আৰু সামাজিক বিষয়ক লৈ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে হুছেইনে। শেহতীয়াভাবে ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ শীৰ্ষক গ্ৰন্থখনক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। প্ৰখ্যাত লেখক তথা অধ্যাপক আৰু সমাজকৰ্মীগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিৰ আইটি চেলে।

একাংশৰ মতে- ইছমাইল হোছেইন গাধ, বিহুনামত আল্লা কৰ পৰা আহিল?
ইছমাইল হুছেইনক পাবত গজা আখ্যা একাংশৰ। বিহুৰ বিশেষজ্ঞ কমিটীৰ পৰা বহিষ্কাৰ কৰাৰ দাবী জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ৰণোজ পেগুক বহিষ্কাৰৰ দাবী সামাজিক মাধ্যমত।


বিভিন্ন বিতৰ্কিত ফটো আপলোড কৰি একাংশই আক্ৰমণৰ লক্ষ্য কৰি লৈছে লেখকগৰাকীক। উল্লেখ্য যে, সমাগত ৰঙালী বিহু। বাপতি সাহোন বিহুৰ প্ৰাক্ক্ষণত বিহুক লৈ এনে বিতৰ্ক নিশ্চয় কাৰো কাম্য নহয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...