অসমৰ কেইবাখনো জিলাত ধাৰাবাহিক পথ দু/ৰ্ঘ/ট/না; কেইবাজনৰো মৃ/ত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনাই সৃষ্টি কৰিছে গভীৰ শোকৰ ছাঁ। নলবাৰী, উত্তৰ গুৱাহাটী, গোৱালপাৰা, মৰাণ, বৰপেটাৰোড আৰু মৰিগাঁওত সংঘটিত কেইবাটাও পৃথক পথ দুৰ্ঘটনাত কেইবাজনো লোক নিহত হোৱাৰ লগতে বহুজন গুৰুতৰভাৱে আহত হৈছে।

বিশ্বকৰ্মা পূজাৰ আনন্দ- উল্লাসৰ মাজতে নলবাৰীত নিশা সংঘটিত হয় কেইবাটাও পথ দুৰ্ঘটনা। সন্ধা শংকৰ মন্দিৰৰ সমীপত বাইক আৰু স্কুটীৰ মাজত হোৱা সংঘৰ্ষত এজন লোক থিতাতে নিহত হয়। আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আনহাতে হাজো-নলবাৰী পথৰ জিলিকনি চ’কত তীব্ৰবেগী বাইকে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দা মৰাত বাইক আৰোহীজন গুৰুতৰভাৱে আহত হয়। একে নিশাই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শীতল পানী কঢ়িওৱা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত কিছু সময়ৰ বাবে ব্যাহত হয় যাতায়ত।

উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ডতো বিশ্বকৰ্মা পূজাৰ নিশাই সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন স্কুটীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত ৰজাদুৱাৰৰ পল্লৱী নেৱাৰ নামৰ এগৰাকী যুৱতী নিহত হয়। দুৰ্ঘটনাটোত আন তিনিজন স্কুটী আৰোহী গুৰুতৰভাৱে আহত হয়। আহতসকলক নাৰায়ণা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। প্ৰাথমিক তথ্য অনুসৰি, এখন স্কুটী ভুল পথেৰে অহাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

গোৱালপাৰা জিলাৰ দৰংগিৰিতো সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা। এখন এল্টো বাহন আৰু এখন বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত মেঘালয়ৰ চচলজা গাঁৱৰ পেনিং কে মোমিন নামৰ বাইক আৰোহীজন গুৰুতৰভাৱে আহত হয় আৰু পিছত ৰংজুলি চিকিৎসালয়ত চিকিৎসকে মৃত ঘোষণা কৰে। দুৰ্ঘটনাৰ পিছত আৰক্ষীয়ে দুয়োখন বাহন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।

মৰাণৰ খোৱাঙত পুৱতি নিশা সংঘটিত আন এক ভয়ংকৰ দুৰ্ঘটনাত দুজন লোকৰ লগতে তিনিটা গৰুৰ মৃত্যু হয়। এখন বাহনত গৰু কঢ়িয়াই ডিব্ৰুগড়ৰ পৰা মৰাণ অভিমুখে গৈ থকা অৱস্থাত অচিনাকি এখন বাহনত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয়। আহত ৰিতু আলিক ডিব্ৰুগড় AMCHলৈ প্ৰেৰণ কৰা হৈছে। নিহত লোক দুজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

বৰপেটাৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১০ মাইলত সংঘটিত হয় আন এক ভয়ংকৰ দুৰ্ঘটনা। মালবাহী ট্ৰাকৰ পিছফালে মাৰুতি ব্ৰেজাই খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে দুজন লোক নিহত হয় আৰু আন এজন গুৰুতৰভাৱে আহত হয়। নিহতসকলৰ ভিতৰত চুৰফান আলী আৰু কদম আলী বুলি জানিব পৰা গৈছে। আহত ৰবিউল হুছেইনক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাৰ ফলত ঘাইপথটো কেইবাঘণ্টা ধৰি বন্ধ হৈ পৰে।

ইফালে মৰিগাঁৱৰ ৰইনা পথাৰত চাৰিচকীয়া বাহনৰ খুন্দাত উল্লাসি বিশ্বাস নামৰ ৬০ উৰ্ধৰ এগৰাকী মহিলা নিহত হয়। পূজাৰ বাবে ফুল তুলিবলৈ যোৱাৰ সময়তে এখন বাহনে মহিলাগৰাকীক খুন্দা মাৰে। চালকজনে আহত মহিলাগৰাকীক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও পৰৱৰ্তী সময়ত চিকিৎসালয়তে মহিলাগৰাকীৰ মৃত্যু হয়। অভিযোগ অনুসৰি, পাছত চালকজনে দুৰ্ঘটনাগ্ৰস্ত বাহনখন চিকিৎসালয়ত এৰি পলায়ন কৰে। চালকজন এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত চিকিৎসক বুলি জানিব পৰা গৈছে যদিও তেওঁৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত এই ধাৰাবাহিক দুৰ্ঘটনাই পুনৰ এবাৰ দ্ৰুতগতিত বাহন চলোৱা, ভুল পথেৰে চলাচল আৰু ঘাইপথত অসাৱধানতাৰ ভয়ংকৰ পৰিণতিৰ ছবি স্পষ্ট কৰি তুলিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ঈশ্বৰপুত্ৰৰ আজি প্ৰথম পূণ্যতিথি; শ্ৰদ্ধাত নত অসম, সুৰত সজীৱ স্মৃতি

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম পূণ্যতিথি। জুবিন গাৰ্গৰ...

জুবিনৰ গীতেৰে মুখৰিত অসমৰ আকাশ-বতাহ, প্ৰায় ৬ লাখ ছাত্ৰ-ছাত্ৰীৰ কণ্ঠত প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি

জ্ঞানৰ পোহৰেৰে জুবিনক সুঁৱৰি অসম জাতীয় বিদ্যালয়ৰ অভিনৱ প্ৰয়াস। আজি...