চৰকাৰ ৰাইজৰ পিছে পিছে চলে আৰু ৰাইজে যি দিশে আগবাঢ়ে, চৰকাৰেও সেই দিশে আগবাঢ়িব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

জুবিন গাৰ্গৰ জন্ম আৰু মৃত্যু দিৱস এতিয়াৰ পৰা বিজেপিয়ে পালন কৰিব। জুবিনক্ষেত্ৰত তিনিদিনীয়াকৈ আয়োজন কৰা ‘জুবিন দিৱস’ৰ মাজতে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়া জাতিলৈ জুবিন গাৰ্গৰ অৱদানৰ বাবে অসমবাসী সদায় কৃতজ্ঞ হৈ থাকিব। অসম আৰু অসমীয়াক ভালপোৱা এগৰাকী মহান ব্যক্তি হিচাপে জুবিনক স্মৰণ কৰাৰ লগতে তেওঁৰ ইতিবাচক দিশ, গীত আৰু সংগীতৰ বিষয়ে চৰ্চা কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে।

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আদালতত চলি থকা গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিচাপে তেওঁ কোনো মন্তব্য কৰা উচিত নহয়। তেওঁৰ যিকোনো মন্তব্যই গোচৰৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে আৰু অপৰাধীয়ে তাৰ সুযোগ ল’ব পাৰে বুলিও তেওঁ উল্লেখ কৰে। সেয়েহে এই বিষয়ত নীৰৱতা অৱলম্বন কৰাটো ভাল বুলি মন্তব্য ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

ইফালে, জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাভা দিৱস আৰু শিল্পী দিৱসৰ দৰে জুবিনৰ স্মৃতি দিৱসো জনতাই পালন কৰে। চৰকাৰ ৰাইজৰ পিছে পিছে চলে আৰু ৰাইজে যি দিশে আগবাঢ়ে, চৰকাৰেও সেই দিশে আগবাঢ়িব বুলি তেওঁ মন্তব্য কৰে।

আনহাতে, পশ্চিমবংগ চৰকাৰৰ সৈতে একেলগে আজি মধুপুৰ সত্ৰলৈ যোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বটদ্ৰৱাৰ আৰ্হিত মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবেও বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। এই প্ৰকল্পৰ বাবে পশ্চিমবংগ চৰকাৰৰ পৰা মাটি বিচৰা হ’ব। মাটি লাভ কৰিলে বৃহৎ প্ৰকল্প নিৰ্মাণ কৰা হ’ব আৰু মাটি নাপালে বৰ্তমানৰ মাটিতে সৰু প্ৰকল্প নিৰ্মাণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ১৭ ছেপ্টেম্বৰৰ পৰা সোণাপুৰৰ জুবিনক্ষেত্ৰত তিনিদিনীয়াকৈ ‘জুবিন দিৱস’ পালন কৰা হৈছে। হাজাৰ হাজাৰ অনুৰাগীৰে ভৰি পৰিছে জুবিনক্ষেত্ৰ। ইয়াৰ সমান্তৰালকৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় ৰক্তদান শিবিৰ। এই শিবিৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ বহু নেতা-কৰ্মীয়েও ৰক্তদান কৰে।

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিগত এটা বছৰে অসমবাসীয়ে দাবী জনাই আহিছে। আজিও সামাজিক মাধ্যমত অব্যাহত আছে ন্যায়ৰ দাবী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ঈশ্বৰপুত্ৰৰ আজি প্ৰথম পূণ্যতিথি; শ্ৰদ্ধাত নত অসম, সুৰত সজীৱ স্মৃতি

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম পূণ্যতিথি। জুবিন গাৰ্গৰ...

জুবিনৰ গীতেৰে মুখৰিত অসমৰ আকাশ-বতাহ, প্ৰায় ৬ লাখ ছাত্ৰ-ছাত্ৰীৰ কণ্ঠত প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি

জ্ঞানৰ পোহৰেৰে জুবিনক সুঁৱৰি অসম জাতীয় বিদ্যালয়ৰ অভিনৱ প্ৰয়াস। আজি...

১৯ ছেপ্টেম্বৰ দিনটো ‘জুবিন দিৱস’ হিচাপে ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ পত্ৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ১৯ ছেপ্টেম্বৰ তাৰিখটো ‘জুবিন...