ভয়ংকৰ! ট্ৰাক-বাইকৰ সংঘৰ্ষ, লগে লগে দাউদাউকৈ উঠিল জ্বলি আৰু তাৰ পিছত…

গোসাঁইগাঁৱৰ কচুগাঁৱত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত প্ৰথমে সংঘৰ্ষ আৰু তাৰ পিছতে দাউদাউকৈ জ্বলি উঠিল এখন ট্ৰাক আৰু মটৰ চাইকেল। এই ঘটনাৰ ফলত মটৰ চাইকেলৰ চালকজন অগ্নিদগ্ধ হৈ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

বংগৰ পৰা অসম অভিমুখে যোৱা এখন ট্ৰাকৰ ভিতৰত বিপৰীত দিশৰ পৰা অহা মটৰ চাইকেল এখন নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰে। লগে লগে সূত্ৰপাত হয় জুইৰ। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ তলতে মটৰ চাইকেলৰ চালকজন আবদ্ধ হৈ থকাৰ সন্দেহ ৰাইজৰ। ঘটনস্থলীত ইতিমধ্যে উপস্থিত হৈছেগৈ আৰক্ষী-অগ্নিনিৰ্বাপক বাহিনীৰ দল।

কচুগাঁৱৰ ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাইখংবাড়িত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। আৰক্ষী-অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই জ্বলি ছাৰখাৰ হয় ট্ৰাক আৰু বাইকখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...