ভয়ংকৰ! ট্ৰাক-বাইকৰ সংঘৰ্ষ, লগে লগে দাউদাউকৈ উঠিল জ্বলি আৰু তাৰ পিছত…

গোসাঁইগাঁৱৰ কচুগাঁৱত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত প্ৰথমে সংঘৰ্ষ আৰু তাৰ পিছতে দাউদাউকৈ জ্বলি উঠিল এখন ট্ৰাক আৰু মটৰ চাইকেল। এই ঘটনাৰ ফলত মটৰ চাইকেলৰ চালকজন অগ্নিদগ্ধ হৈ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

বংগৰ পৰা অসম অভিমুখে যোৱা এখন ট্ৰাকৰ ভিতৰত বিপৰীত দিশৰ পৰা অহা মটৰ চাইকেল এখন নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰে। লগে লগে সূত্ৰপাত হয় জুইৰ। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ তলতে মটৰ চাইকেলৰ চালকজন আবদ্ধ হৈ থকাৰ সন্দেহ ৰাইজৰ। ঘটনস্থলীত ইতিমধ্যে উপস্থিত হৈছেগৈ আৰক্ষী-অগ্নিনিৰ্বাপক বাহিনীৰ দল।

কচুগাঁৱৰ ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাইখংবাড়িত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। আৰক্ষী-অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই জ্বলি ছাৰখাৰ হয় ট্ৰাক আৰু বাইকখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...