২০২৫ৰ IPLত একেলগে খেলিব গুৰু-শিষ্যই

২০২৫ৰ IPLত একেলগে খেলিব গুৰু-শিষ্যই। দিল্লী কেপিটেলছ এৰি চেন্নাই লৈ যাব ঋষভ পন্ত। মুম্বাই ইণ্ডিয়ানছত নাথাকে ৰোহিত-SKY। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ নতুন অধিনায়ক হ’ব কে এল ৰাহুল। IPL ২০২৫ত ব্যাপক ৰদ বদল হোৱাৰ সম্ভাৱনা।

ভাৰত শ্ৰীলংকাৰ শৃংখলাৰ দল বাচনিৰ চৰ্চাৰ মাজতে IPL ২০২৫ক ৰদ বদলক লৈ এতিয়া তৎপৰ ফ্ৰেন্সাইজিসকল। বিগত ছিজনত ৰোহিত-পাণ্ডিয়াৰ বিতৰ্কই দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে। খবৰ ওলাইছিল আগন্তুক ছিজনত মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই। এতিয়া সেই কথা সত্য হোৱাৰ পথত। চলিত বৰ্ষৰ নৱেম্বৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব মেগা IPL নিলাম। নিলামৰ পূৰ্বে RETENTIONত সলনি হ’ব পাৰে বহু দলৰ দৃষ্টিপাত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ অনুসৰি IPL ২০২৫ত দলসমূহত কিছু ডাঙৰ পৰিৱৰ্তন দেখিব পাৰে। বিগত ছিজনত মুম্বাই ইণ্ডিয়ানছে ৰোহিত শৰ্মাক অধিনায়কৰ দায়িত্ব অপসাৰণ কৰিছিল আৰু হাৰ্দিক পাণ্ডিয়াক নেতৃত্বৰ শাসনভাৰ অৰ্পণ কৰিছিল। এই সিদ্ধান্তৰ পিছত MIৰ ড্ৰেছিং ৰুমত খেলুৱৈ মাজত বিভেদ হোৱাৰ খবৰ পোৱা গৈছিল। বাতৰি ওলাইছিল যে ৰোহিত শৰ্মাই IPL ২০২৫ৰ আগতে MIৰ সৈতে পৃথক হ’ব। দৈনিক জাগৰণৰ এক নতুন প্ৰতিবেদন অনুসৰি, কেৱল ৰোহিত শৰ্মাই নহয়, ৰোহিতৰ অতি ঘনিষ্ঠ সূৰ্যকুমাৰ যাদৱেও মুম্বাই ইণ্ডিয়ানছ এৰিব পাৰে। প্ৰতিবেদনত কোৱা হৈছে যে KKR-এ অহা বছৰ অনুসূচীত মেগা নিলামত ক্ৰয় কৰিব পাৰে। আনহাতে DC এৰি CSKলৈ যাব পাৰে ঋষভ পন্ত। যদি এম এছ ধোনী ২০২৫ত IPL নেখেলে তেন্তে ঋষভ CSK যোৱাৰ সম্ভাৱনা আছে।

ইপিনে, কে এল ৰাহুল লক্ষ্ণৌ ফ্ৰেঞ্চাইজিৰ ওপৰত বৰ সন্তুষ্ট নহয়। ৰাহুল আৰু LSGৰ স্বত্বাধিকাৰ সঞ্জীৱ গোয়েঙ্কাৰ IPL ২০২৪ত এটা খেলৰ সময়ত তীব্ৰ বিবাদ হৈছিল। খবৰ পোৱা গৈছে যে ৰাহুলেও LSG ফ্ৰেঞ্চাইজি এৰিব পাৰে। কেৰিয়াৰৰ আৰম্ভণিতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলা ৰাহুলে পুনৰ ঘুৰি যোৱাৰ সম্ভাবনা আছে। ফাফ ডু প্লেচিছে যোৱা তিনিটা ছিজনত RCBক নেতৃত্ব দিছে যদিও দলটোৱে তেওঁলোকৰ ট্ৰফীৰ খৰাং সমাপ্ত কৰাত ব্যৰ্থ হৈছে। সেয়েহে দলটোৰ ভৱিষ্যতৰ কথা লক্ষ্য ৰাখি কে এল ৰাহুল মেগা নিলামত RCBয়ে ক্ৰয় কৰাৰ পূৰ্ণ সম্ভাবনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...