মুকালমুৱা দমদমাত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা

শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫ বাজি ৩০ মিনিটত মুকালমুৱাৰ দমদমাত সংঘটিত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰা চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। ঘটনাত গুলীবিদ্ধ হৈছিল জাকিৰ আলী নামৰ এজন ব্যৱসায়ী। গুলীবিদ্ধ জাকিৰ আলীক শুকুৰবাৰে সন্ধিয়াই নলবাৰীৰ এখন হাস্পতালত ভৰ্তি কৰা হয়। অৱশ্যে বৰপেটা জিলাৰ চতলা অঞ্চলৰ নিবাসী গুলীবিদ্ধ জাকিৰ আলীক নিশালৈ বৰপেটাৰ এখন ব্যক্তিগতখণ্ডৰ হাস্পতালত ভৰ্তি কৰে পৰিয়ালে। চিকিৎসকৰ মতে জাকিৰ আলী সম্প্ৰতি সংকটমুক্ত। হাস্পতালৰ বিচনাতে NKTVৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ঘটনাৰ শিহৰণকাৰী বৰ্ণনা জাকিৰ আলীৰ। বাইকত মাস্ক পিন্ধি আহিছিল অস্ত্ৰধাৰী ৩ দুৰ্বৃত্ত। দমদমাত জোতা-ছেণ্ডেলৰ দোকান আছে জাকিৰ আলীৰ। দোকান বন্ধ কৰি ঘৰলৈ যাবলৈ লওঁতেই দুৰ্বৃত্তৰ দলটোৰ এজনে জাকিৰক ভৰিত গুলীয়ায়। লগে লগে বাইকৰ পৰা পৰি ঢলি পৰে জাকিৰ আলী। ব্যৱসায়ীজনৰ বাইকত ওলমি থকা বেগটো কাঢ়ি নি নিৰ্বিঘ্নে আঁতৰি যায় দুৰ্বৃত্তৰ দলটো। জাকিৰ আলীৰ বেগটোত আছিল ৫ লাখ ১০ হাজাৰ টকা।

ঘটনাৰ আকস্মিকতাত মুক হৈ পৰে সতীৰ্থ ব্যৱসায়ী আৰু জাকিৰ আলীৰ দোকানৰ মালিক। আন দিনাৰ দৰে শুকুৰবাৰেও দোকান বন্ধ কৰি বাইকেৰে ঘৰলৈ উভতিছিল জাকিৰ আলী। তেতিয়া বাইকত অহা ৩ জনীয়া দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰে জাকিৰক।

শুকুৰবাৰে ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। নলবাৰীৰ আৰক্ষী অধীক্ষকেও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আৰু তদন্ত আৰম্ভ কৰি ২৪ ঘন্টা নহওঁতেই এটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ আৰক্ষীৰ। শুকুৰবাৰে নিশাৰে পৰা ৩ দৰ্বৃত্তৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰি নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুৰ্ধৰ্ষ ডকাইত হামিদ আলীক। হাজোৰ মেলপাৰাত আৰক্ষীৰ জালত পৰে হামিদ আলী। মুকালমুৱাৰে বুল্লুটপাৰত ঘৰ ৱান্টেড ডকাইত হামিদ আলীৰ। শুকুৰবাৰৰ ডকাইতি কাণ্ডত ব্যৱহৃত পিষ্টলটোও হামিদ আলীৰ জিম্মাৰ পৰা জব্দ কৰে আৰক্ষীয়ে। ঘটনাৰে জড়িত আন দুটা ডকাইতৰ সন্ধানতো মাৰাথন অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...