প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত গণৰাজ্য দিৱস উদযাপন

ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত প্ৰথমবাৰৰ বাবে ধুবুৰী জিলাৰ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী আয়োজন কৰা হয়৷ ধুবুৰী নগৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ নিলগত আৰু সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ সমীপতে থকা সত্ৰশাল উচ্চতৰ মাধ্যমিক বিদ্যাপীঠৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে৷

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয়, ‘পোন প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ মহান উপলক্ষ্যত ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে ত্ৰিৰংগা পতাকা উত্তোলন কৰি মই গৌৰৱবোধ কৰিছো৷ আজি মই গৌৰৱান্বিত এই কাৰণেও যে মই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা এই ঠাইডোখৰ এক পৱিত্র ভূমি৷ শ্রীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত, বীৰ চিলাৰায়ৰ সৈতে সম্পর্কিত এক বৈচিত্রপূর্ণ ভূমি।’

মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত অসম চৰকাৰে ৰাজ্যখনৰ উন্নয়ণৰ বাবে গ্ৰহণ কৰা আঁচনি আৰু পদক্ষেপসমূহৰ কথা সবিস্তাৰে উল্লেখ কৰে৷ অনুষ্ঠানত আৰক্ষী, অৰ্দ্ধসামৰিক বাহিনী আৰু এন চি চি কেডেটৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শনৰ পিছতে পৰিবহণ, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, কৃষি আৰু ধুবুৰী পৌৰসভাই প্ৰতীকপট প্ৰদৰ্শন কৰে৷ স্থানীয় সংস্কৃতি আৰু দেশাত্মবোধৰ প্ৰতিফলনেৰে কেবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে৷ গণৰাজ্য দিৱসৰ অনুষ্ঠানত জিলা উপায়ুক্ত দিবাকৰ নাথ, আৰক্ষী অধীক্ষক অপৰ্না নটৰাজন প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়াসকল, স্থানীয় বহু বিশিষ্ট ব্যক্তি, শিক্ষাৰ্থী আৰু সীমান্তবাসী কেবাশ লোকে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ভাগ লয়৷

ইয়াৰ পিছতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বি এছ এফৰ সত্ৰশাল সীমান্ত চকী (বি অ’ পি)ত উপস্থিত হৈ অভিবাদন গ্ৰহণ কৰাৰ লগতে সীমান্ত সুৰক্ষাত নিয়োজিত জোৱানসকলৰ মাজত মিঠাই বিতৰণ কৰে আৰু জোৱানসকলে প্ৰদৰ্শন কৰা গীত-নৃত্য উপভোগ কৰে৷ জোৱানসকলক উদেশ্যি দিয়া ভাষণত মন্ত্ৰী গৰাকীয়ে কয়, ‘আমি দেশ চলাও বুলি সকলোৱে ভাবে৷ কিন্তু প্ৰকৃততে জোৱানসকলে সমৰ্পিত মনোভাৱেৰে অতন্দ্ৰ প্ৰহৰীৰ দৰে দায়িত্ব পালন কৰা বাবেহে দেশ চলে৷ তেওঁলোক সীমান্তত থকা বাবেহে আমি সুখেৰে শুব পাৰে৷’ ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে ৰামৰাইকুঠী সীমান্ত চকীৰ সন্মুখৰ ভাৰত-বাংলাদেশ সীমান্তৰ গেটেৰে প্ৰৱেশ কৰি ন’ মেনছ লেণ্ডত থকা দূৰ্গা মন্দিৰত সেৱা জনায়৷ মন্ত্ৰীগৰাকীয়ে সীমান্তৰ কাষতে অৱস্থিত শ্ৰী শ্ৰী ধাম ৰাম ৰাইকুঠী সত্ৰতো সেৱা জনায়৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...