মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত আৰক্ষীক মহটিয়াই বাহনসহ পলায়নৰ চেষ্টা কৰে এজন চালকে। নিশা দিছপুৰ আৰক্ষীয়ে চলোৱা তালাচীৰ সময়তে সংঘটিত হয় এই ঘটনা।
তালাচীৰ পৰা পলায়নৰ চেষ্টা কৰি এফালৰ পৰা কেইবাখনো বাহনত খুন্দা মাৰে এখন Duster বাহনে। বাহনখন খেদি খেদি অৱশেষত লালগণেশৰ আদগুদামত আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।
ঘটনাত দিছপুৰ যান-বাহন আৰক্ষীৰ উপ-পৰিদৰ্শক বাসৱ ঠাকুৰীয়া গুৰুতৰভাৱে আহত হয়। আহত আৰক্ষী বিষয়াজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ইফালে, বাহনখনত থকা দুজন যুৱকৰ বিৰুদ্ধে সুৰাপান কৰি বাহন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। নিশাই আৰক্ষীয়ে পলায়ন কৰা বাহনখন জব্দ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
