মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত আৰক্ষীক মহটিয়াই বাহনসহ পলায়নৰ চেষ্টা কৰে এজন চালকে। নিশা দিছপুৰ আৰক্ষীয়ে চলোৱা তালাচীৰ সময়তে সংঘটিত হয় এই ঘটনা।

তালাচীৰ পৰা পলায়নৰ চেষ্টা কৰি এফালৰ পৰা কেইবাখনো বাহনত খুন্দা মাৰে এখন Duster বাহনে। বাহনখন খেদি খেদি অৱশেষত লালগণেশৰ আদগুদামত আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

ঘটনাত দিছপুৰ যান-বাহন আৰক্ষীৰ উপ-পৰিদৰ্শক বাসৱ ঠাকুৰীয়া গুৰুতৰভাৱে আহত হয়। আহত আৰক্ষী বিষয়াজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইফালে, বাহনখনত থকা দুজন যুৱকৰ বিৰুদ্ধে সুৰাপান কৰি বাহন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। নিশাই আৰক্ষীয়ে পলায়ন কৰা বাহনখন জব্দ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বালিপৰা ফাউণ্ডেচনৰ ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ আৰম্ভ

বালিপৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ছয়দিনীয়া...

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...