আফগানিস্তানৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাৰতৰ সমৰ্থন; আফগান জনসাধাৰণৰ কল্যাণৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি

ৰাছিয়াই মস্কোত আয়োজন কৰা আফগানিস্তান বিষয়ক ৮ম মস্কো ফৰ্মেট বৈঠকত ভাৰতে আফগানিস্তানৰ সাৰ্বভৌমত্ব, ঐক্য আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। লগতে ভাৰতে আফগান জনসাধাৰণৰ কল্যাণৰ বাবে নিজৰ সমৰ্থন অব্যাহত ৰখাৰ কথা কয়।

এই বৈঠকত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিয়ে ৰাছিয়াত নিযুক্ত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰ আৰু যুটীয়া সচিব ড° এম. সুৰেশ কুমাৰ-এ।

বৈঠকত ৰাছিয়া, ভাৰত, ইৰান, কাজাখস্তান, চীন, কিৰ্গিজস্তান, পাকিস্তান, তাজিকিস্তান আৰু উজবেকিস্তানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আফগানিস্তানৰ হৈ বৈঠকত উপস্থিত থাকে বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকি। বেলাৰুছ আৰু ইজিপ্তে অতিথি হিচাপে অংশগ্ৰহণ কৰে।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে জনোৱা মতে, বৈঠকত অংশগ্ৰহণ কৰা দেশসমূহে আফগানিস্তানৰ সৈতে সমতা আৰু পাৰস্পৰিক লাভৰ ভিত্তিত সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়ে। লগতে আফগানিস্তানক বিশ্ব অৰ্থনীতিৰ সৈতে অধিকভাৱে সংযুক্ত কৰাৰ বাবেও সমৰ্থন জনোৱা হয়।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে কয় যে, আফগানিস্তানৰ সৈতে সমতা আৰু পাৰস্পৰিক লাভৰ ভিত্তিত সম্পৰ্ক গঢ়ি তুলিবলৈ আগ্ৰহী দেশসমূহক এই মস্কো ফৰ্মেটে একত্ৰিত কৰিছে।

উল্লেখযোগ্য যে, ২০১৭ চনত মস্কো ফৰ্মেট আৰম্ভ কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে আফগানিস্তানত শান্তি আৰু ৰাষ্ট্ৰীয় মিলন স্থাপনৰ ক্ষেত্ৰত সহায় কৰা।

বৈঠকৰ সময়ত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী লাভৰভে আফগান বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকিৰ সৈতেও আলোচনা কৰে। দুয়োগৰাকীয়ে ৰাছিয়া আৰু আফগানিস্তানৰ মাজৰ সহযোগিতা আৰু আন্তঃৰাষ্ট্ৰীয় তথা আঞ্চলিক বিষয়ত দুয়োখন দেশৰ মাজত সমন্বয় বৃদ্ধিৰ বিষয়ে আলোচনা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতীয় মহিলা ক্ৰিকেটত নতুন অধ্যায়; অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বিশ্বকাপজয়ী অধিনায়ক হৰমনপ্ৰীত কৌৰে তিনিওটা...

‘তোমাৰ স্থান জে’লত…’; উচ্চতম ন্যায়ালয়ত কিয় ভৰ্ৎসনা বলিউদৰ অভিনেতা ৰাজপাল যাদৱক?

চেক বাউন্সৰ দীৰ্ঘদিনীয়া গোচৰত আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ...

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা...