নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হোৱাৰ মাজতে সমষ্টিটোৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত EVM বিকল হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

ৰহাৰ ৪২নং শিউগুৰি প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ৪৫টা ভোটদান সম্পন্ন হোৱাৰ পাছতে EVM বিকল হৈ পৰে। ফলত কেন্দ্ৰটোত সাময়িকভাৱে ভোটগ্ৰহণ বন্ধ হৈ পৰে।

ইফালে, ধিঙৰ ১৪২নং ভোটগ্ৰহণ কেন্দ্ৰতো EVM বিকল হোৱাৰ খবৰ পোৱা গৈছে। প্ৰায় এঘণ্টা ধৰি EVM বিকল হৈ থকাৰ ফলত ভোটদান প্ৰক্ৰিয়া ব্যাহত হৈছে। EVM বিকল হোৱাৰ ফলত শ্বহীদ মোজম্মিল হক মোক্তাব স্কুলৰ ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী সৃষ্টি হৈছে।

তদুপৰি, কাটনি গাঁও শ্বহীদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৬৯ আৰু ৭০নং ভোটগ্ৰহণ কেন্দ্ৰতো EVM বিকল হোৱাৰ তথ্য পোৱা গৈছে।

নগাঁও লোকসভা উপ-নিৰ্বাচনত মুঠ ১৯,০২,০০৯গৰাকী ভোটাৰ আৰু ২,১১২টা ভোটগ্ৰহণ কেন্দ্ৰ আছে; ১৫গৰাকী প্ৰাৰ্থী নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বালিপৰা ফাউণ্ডেচনৰ ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ আৰম্ভ

বালিপৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ছয়দিনীয়া...

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...