নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হোৱাৰ মাজতে সমষ্টিটোৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত EVM বিকল হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

ৰহাৰ ৪২নং শিউগুৰি প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ৪৫টা ভোটদান সম্পন্ন হোৱাৰ পাছতে EVM বিকল হৈ পৰে। ফলত কেন্দ্ৰটোত সাময়িকভাৱে ভোটগ্ৰহণ বন্ধ হৈ পৰে।

ইফালে, ধিঙৰ ১৪২নং ভোটগ্ৰহণ কেন্দ্ৰতো EVM বিকল হোৱাৰ খবৰ পোৱা গৈছে। প্ৰায় এঘণ্টা ধৰি EVM বিকল হৈ থকাৰ ফলত ভোটদান প্ৰক্ৰিয়া ব্যাহত হৈছে। EVM বিকল হোৱাৰ ফলত শ্বহীদ মোজম্মিল হক মোক্তাব স্কুলৰ ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী সৃষ্টি হৈছে।

তদুপৰি, কাটনি গাঁও শ্বহীদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৬৯ আৰু ৭০নং ভোটগ্ৰহণ কেন্দ্ৰতো EVM বিকল হোৱাৰ তথ্য পোৱা গৈছে।

নগাঁও লোকসভা উপ-নিৰ্বাচনত মুঠ ১৯,০২,০০৯গৰাকী ভোটাৰ আৰু ২,১১২টা ভোটগ্ৰহণ কেন্দ্ৰ আছে; ১৫গৰাকী প্ৰাৰ্থী নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অন্তঃকন্দলত জৰ্জৰিত অসম জাতীয় পৰিষদ, সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি জগদীশ ভূঞাক

আভ্যন্তৰীণ সংঘাতত জৰ্জৰিত হৈ পৰিছে অসম জাতীয় পৰিষদ (অজাপ)।...

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...

IIT গুৱাহাটীৰ বিশেষ সফলতা: কচু গছ আৰু ‘জিগ-জেগ’ প্ৰযুক্তিৰে পশুপালন ফাৰ্মৰ প্ৰদূষিত পানী শোধনৰ অভিনৱ উপায়

পশুপালন খণ্ডৰ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে বৃদ্ধি পোৱা পৰিৱেশ প্ৰদূষণ ৰোধৰ...

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশলৈ মালবাহী জাহাজ; বগীবিলত জাহাজ ঘাটত শুভাৰম্ভণি অনুষ্ঠান

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশলৈ যাত্ৰা আৰম্ভ...