পশুপালন খণ্ডৰ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে বৃদ্ধি পোৱা পৰিৱেশ প্ৰদূষণ ৰোধৰ দিশত এক যুগান্তকাৰী সফলতা অৰ্জন কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT) গুৱাহাটীয়ে। গ্ৰামাঞ্চল তথা পশুপালন ফাৰ্মসমূহৰ পৰা নিৰ্গত জটিল আৰু অতিমাত্ৰাত প্ৰদূষিত পানী শোধন কৰাৰ বাবে প্ৰতিষ্ঠানটোৰ গৱেষক দলটোৱে এক প্ৰাকৃতিক, কম খৰচী আৰু কম শক্তি ব্যৱহাৰ হোৱা প্ৰযুক্তি বিকাশ কৰি উলিয়াইছে।
স্থানীয়ভাৱে সহজলভ্য কচু গছ আৰু এক বিশেষ ‘জিগ-জেগ’ প্ৰবাহ আৰ্হি ব্যৱহাৰ কৰি গৱেষকসকলে এই অভিনৱ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আই আই টি গুৱাহাটীৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ ‘ৱেষ্ট মেনেজমেন্ট ৰিচাৰ্ছ গ্ৰুপ’ৰ তত্ত্বাৱধানত এই সমগ্ৰ গৱেষণা কাৰ্য সম্পন্ন কৰা হৈছে। উল্লেখযোগ্য যে, এই গৱেষণাত ব্যৱহৃত দূষিত পানীখিনি অসমস্থিত ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ পৰা সংগ্রহ কৰা হৈছিল।
গৱেষক দলটোৰ মতে, পৰম্পৰাগত শোধন ব্যৱস্থাত পানী পোনে পোনে বৈ যায়। কিন্তু এই নতুন ব্যৱস্থাত শোধনকাৰী এককটোৰ ভিতৰত বিশেষভাৱে ‘পাৰ্টিচন’ বা হেঙাৰ স্থাপন কৰা হৈছে, যিয়ে পানীভাগক এক পাকঘূৰণি বা ‘জিগ-জেগ’ পথেৰে বৈ যাবলৈ বাধ্য কৰে। ইয়াৰ ফলত দূষিত পানীখিনি কচু গছৰ শিপা, প্ৰাকৃতিক শিলগুটি আৰু পানী পৰিষ্কাৰ কৰা উপকাৰী অণুজীৱৰ সংস্পৰ্শত বেছি সময় ধৰি থাকে। ইয়াৰ ফলশ্ৰুতিত জৈৱিক আৰু ৰাসায়নিক পৰিস্ৰাৱণ প্ৰক্ৰিয়া অত্যন্ত ক্ষিপ্ৰ আৰু অধিক ফলপ্ৰসূ হৈ পৰে।
লেবৰটৰী পৰ্যায়ত অভূতপূৰ্ব সফলতা লাভ কৰাৰ পিছত গৱেষক দলটোৰ পৰৱৰ্তী লক্ষ্য হৈছে এই আৰ্হিক পথাৰ পৰ্যায়ত বৃহৎ পৰিসৰত প্ৰয়োগ কৰি কাৰ্যকৰী কৰি তোলা।
