ৰিয়ান পৰাগৰ বাবে IPL নিলামত RCB-এ খৰচ কৰিব কিমান টকা?

নিলামৰ পূৰ্বে আকৰ্ষণীয় হৈ উঠিছে আইপিএলৰ প্ৰতিটো দলৰ খেলুৱৈৰ নিৰ্বাচনক লৈ। বিশেষকৈ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক ৰূপে বিৰাট কোহলিয়ে পদত্যাগ কৰাৰ পিছত নতুন অধিনায়ক আৰু তাৰকা খেলুৱৈৰ সন্ধানত আছে দলটো। ইমানেই নহয়, ১১ বছৰৰ পিছত এবি ডি ভিলিয়াৰ্ছক আৰচিবিৰ সৈতে দেখা নাপাব ক্ৰিকেটপ্ৰেমীয়ে, কিয়নো সকলো ধৰণৰ খেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে খেলুৱৈজনে।

১২ ফেব্ৰুৱাৰীৰ মেগা নিলামৰ বাবে দলটোৱে খেলুৱৈ নিৰ্বাচন আৰু চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে। নতুন অধিনায়ক বিচাৰিবলৈ আৰু ডি ভিলিয়াৰ্ছৰ দৰে কাৰোবাক স্থান দিবলৈ নতুন দল গঢ়ি তুলিবলৈ উঠিপৰি লাগিছে দলটোৱে।

আনহাতে, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মেগা নিলামত অন্যতম সৰ্বাধিক ব্যয়বহুল খেলুৱৈ হব পাৰে ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ জেচন হোল্ডাৰ। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে হোল্ডাৰক নিজৰ দলত ৰাখিবলৈ প্ৰয়াস চলাইছে। আনহাতে, অম্বাতি ৰাইডু আৰু আৰু অসমৰ ৰিয়ান পৰাগক ক্ৰয় কৰাৰ বাবে মন মেলিছে আৰচিবিয়ে।

উল্লেখ্য যে, জেচন হোল্ডাৰে ৱেষ্ট ইণ্ডিজৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰি আহিছে। ইংলেণ্ডৰ বিৰুদ্ধে শেহতীয়াকৈ সমাপ্ত হোৱা পাঁচখন খেলৰ টি-20 শৃংখলাতবেট আৰু বল উভয়তে উজলি উঠিছিল। হোল্ডাৰৰ প্ৰদৰ্শনৰ ভিত্তিতে ৱেষ্টৱিণ্ডিজে শৃংখলাটোত ইংলেণ্ডক ৩-২ত পৰাস্ত কৰিছিল। যাৰ বাবে আই পি এল ফ্ৰেঞ্চাইজি দলবোৰে যথেষ্ট ধন ব্যয় কৰিব পাৰে।

ইফালে প্ৰকাশিত খবৰ অনুসৰি অম্বতি ৰাইডুৰ বাবে ৮ কোটি আৰু ৰিয়ান পৰাগৰ বাবে ৭ কোটি পৰ্যন্ত খৰছ কৰিবলৈ সাজু RCB। যদি এই খেলুৱৈসকলৰ বাবে ২৭ কোটি টকা ব্যয় কৰা হয়, তেন্তে আৰচিবিৰ হাতত বাকী থাকিব ২৮ কোটি। আৰচিবিয়ে কোহলি, মেক্সৱেল আৰু চিৰাজৰ সৈতে দলটোত হোল্ডাৰ, ৰাইডু আৰু পৰাগক অন্তৰ্ভুক্ত কৰাৰ চিন্তা কৰিছে।

এই ৩ খেলুৱৈৰ মাজৰ অন্ততঃ দুজনক লোৱাৰ বাবে বদ্ধপৰিকৰ হৈ পৰিছে। ইয়াৰ পূৰ্বে আৰচিবিয়ে বিৰাট কোহলী, গ্লেন মেক্সৱেল আৰু মহম্মদ চিৰাজক নিজৰ দলত স্থান দিছিল। অৱশ্যে এতিয়াও খেলুৱৈ নিলামৰ বাবে দলটোৰ হাতত আছে ৫৭ কোটি টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...