৭ দিনৰ ভিতৰত ৰাজহ চক্ৰ বিষয়াসকলে চিনাক্ত কৰিব লাগিব খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডৰ ভুৱা হিতাধিকাৰীক

গুৱাহাটী, ৯ জুন, NKTV: গোলাঘাটৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ৰ অধীনত সুলভ মূল্যৰ দোকানসমূহৰ পৰা ৰেচন কাৰ্ড লাভ কৰি থকা যোগ্যতাবিহীন হিতাধিকাৰী সকলক চিনাক্ত কৰাৰ বাবে গাওঁবুঢ়াসকলক সত্যাসত্য নিৰূপনৰ দায়িত্ব দিবলৈ জিলা প্ৰশাসনে ৰাজহ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিছে। জিলা প্ৰশাসনে গোলাঘাট, দেৰগাঁও, খুমটাই আৰু মৰঙিৰ ৰাজহ চক্ৰ বিষয়ালৈ এই সন্দৰ্ভত জাৰি কৰা এটা নিৰ্দেশনাত কোৱা হৈছে যে চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত কোনো ভুৱা হিতাধিকাৰী যাতে উপকৃত নহয় সেইয়া সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিছে। জিলা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তই জাৰি কৰা নিৰ্দেশনাটোত এই নিৰ্দেশ লাভ কৰাৰ ৭ দিনৰ ভিতৰত গাওঁবুঢ়া আৰু সুলভ মূল্যৰ দোকানীৰ স্বাক্ষৰসম্বলিত সত্যাসত্য নিৰূপন কৰা হিতাধিকাৰীৰ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে ইয়াৰ পুৰ্বে প্ৰশাসনে জাৰি কৰা এখন গোহাৰিত সকলো চৰকাৰী চাকৰিয়াল, পেঞ্চনভোগী পৰিয়াল, বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰৰ বে-চৰকাৰী চাকৰিয়াল, স্বচ্ছল ব্যৱসায়ী, স্বচ্ছল খেতিয়কৰ লগতে চাৰিচকীয়া বাহন থকা পৰিয়াল আৰু আৰ চি চি বিল্ডিং থকা পৰিয়ালক অতি সোনকালে মহকুমা যোগান বিভাগৰ কাৰ্যালয়ত ৰেচন কাৰ্ডসমূহ ওভতাই দিবলৈ নিৰ্দেশ দিয়া হৈছিল। অন্যথা প্ৰশাসনৰ নিজাববীয়া অনুসন্ধানত এনে পৰিয়ালে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি থকা বুলি প্ৰমাণ হ’লে অত্যাৱশ্যকীয় সামগ্ৰী আইন ১৯৫৫ আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়া হৈছিল। ইফালে গোলাঘাট মহকুমাত জিলা উপায়ুক্তৰ নিৰ্দেশক্ৰমে অত্যধিক মূল্যবৃদ্ধি আৰু ব্যৱসায়ত অনৈতিক তথা বেআইনী কাৰ্যকলাপ আদিৰ বিষয়ে অভিযোগ দাখিল কৰাৰ বাবে এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। গ্ৰাহকসকলে ০৩৭৭৪-২৮৩২৮২ নম্বৰত ফোন কৰি গোলাঘাট মহকুমাৰ অধীনৰ এলেকাৰ এই সম্পৰ্কীয় ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। গ্ৰাহকে বিভাগৰ কাৰ্যালয়ত লিখিত অভিযোগো দাখিল কৰিব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...