৭ দিনৰ ভিতৰত ৰাজহ চক্ৰ বিষয়াসকলে চিনাক্ত কৰিব লাগিব খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডৰ ভুৱা হিতাধিকাৰীক

গুৱাহাটী, ৯ জুন, NKTV: গোলাঘাটৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ৰ অধীনত সুলভ মূল্যৰ দোকানসমূহৰ পৰা ৰেচন কাৰ্ড লাভ কৰি থকা যোগ্যতাবিহীন হিতাধিকাৰী সকলক চিনাক্ত কৰাৰ বাবে গাওঁবুঢ়াসকলক সত্যাসত্য নিৰূপনৰ দায়িত্ব দিবলৈ জিলা প্ৰশাসনে ৰাজহ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিছে। জিলা প্ৰশাসনে গোলাঘাট, দেৰগাঁও, খুমটাই আৰু মৰঙিৰ ৰাজহ চক্ৰ বিষয়ালৈ এই সন্দৰ্ভত জাৰি কৰা এটা নিৰ্দেশনাত কোৱা হৈছে যে চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত কোনো ভুৱা হিতাধিকাৰী যাতে উপকৃত নহয় সেইয়া সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিছে। জিলা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তই জাৰি কৰা নিৰ্দেশনাটোত এই নিৰ্দেশ লাভ কৰাৰ ৭ দিনৰ ভিতৰত গাওঁবুঢ়া আৰু সুলভ মূল্যৰ দোকানীৰ স্বাক্ষৰসম্বলিত সত্যাসত্য নিৰূপন কৰা হিতাধিকাৰীৰ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে ইয়াৰ পুৰ্বে প্ৰশাসনে জাৰি কৰা এখন গোহাৰিত সকলো চৰকাৰী চাকৰিয়াল, পেঞ্চনভোগী পৰিয়াল, বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰৰ বে-চৰকাৰী চাকৰিয়াল, স্বচ্ছল ব্যৱসায়ী, স্বচ্ছল খেতিয়কৰ লগতে চাৰিচকীয়া বাহন থকা পৰিয়াল আৰু আৰ চি চি বিল্ডিং থকা পৰিয়ালক অতি সোনকালে মহকুমা যোগান বিভাগৰ কাৰ্যালয়ত ৰেচন কাৰ্ডসমূহ ওভতাই দিবলৈ নিৰ্দেশ দিয়া হৈছিল। অন্যথা প্ৰশাসনৰ নিজাববীয়া অনুসন্ধানত এনে পৰিয়ালে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি থকা বুলি প্ৰমাণ হ’লে অত্যাৱশ্যকীয় সামগ্ৰী আইন ১৯৫৫ আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়া হৈছিল। ইফালে গোলাঘাট মহকুমাত জিলা উপায়ুক্তৰ নিৰ্দেশক্ৰমে অত্যধিক মূল্যবৃদ্ধি আৰু ব্যৱসায়ত অনৈতিক তথা বেআইনী কাৰ্যকলাপ আদিৰ বিষয়ে অভিযোগ দাখিল কৰাৰ বাবে এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। গ্ৰাহকসকলে ০৩৭৭৪-২৮৩২৮২ নম্বৰত ফোন কৰি গোলাঘাট মহকুমাৰ অধীনৰ এলেকাৰ এই সম্পৰ্কীয় ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। গ্ৰাহকে বিভাগৰ কাৰ্যালয়ত লিখিত অভিযোগো দাখিল কৰিব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...