বেটেলিয়নৰ জোৱানলৈ এমাহ ছুটী, বছৰত এবাৰ স্বাস্থ্য পৰীক্ষা

গুৱাহাটী, ৯ জুন, NKTV: কাজিৰঙাত মুখ্যমন্ত্রী ডo হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। ১০টা কমাণ্ডো বেটেলিয়ন গঠনৰ আনুষ্ঠানিক ঘোষণা। নাগালেণ্ড সীমান্তকে ধৰি স্পৰ্শকাতৰ অঞ্চলত বেটেলিয়ন গঠন কৰা হ’ব। বছৰত দুবাৰ আৰক্ষী অধীক্ষকৰে বৈঠক। আৰক্ষী অধীক্ষকৰে পৰৱৰ্তী বৈঠক দুলীয়াজানত অনুষ্ঠিত হ’ব। বছৰত দুবাৰ উপায়ুক্তসকলৰ সৈতেও বৈঠক অনুষ্ঠিত হোৱাৰ কথা আজিৰ সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰী ডo শৰ্মাই।

NSGৰ সমপৰ্যায়ৰ হ’ব কমাণ্ডো বেটেলিয়ন। প্রতিখন থানাত দুটা SHIFTত কাম-কাজ। আৰক্ষীৰ সংখ্যা বৃদ্ধিৰ উদ্দেশ্যৰে অতিৰিক্ত নিযুক্তি। ড্রাগছৰ বিৰুদ্ধে আপোচহীন স্থিতি গ্রহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

গৰুৰ চোৰাং বেহা বন্ধ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। অসমৰ মাজেৰে ড্রাগছৰ সৰবৰাহ বন্ধ হ’ব। ছমাহত ৭টা নতুন ফৰেনছিক লেব স্থাপন কৰা হ’ব। বেটেলিয়নৰ জোৱানলৈ এমাহ ছুটী, বছৰত এবাৰ স্বাস্থ্য পৰীক্ষা। আলোচনাৰে আলফা সমস্যা সমাধানৰ চেষ্টা। গৃহমন্ত্রী অমিত শ্বাহৰ ভ্রমণৰ বিতং আলোচনা। ড্রাগছৰ বেপাৰ বন্ধ কৰাৰ ক্ষেত্রত দায়বদ্ধ হ’ব এছ পি:মুখ্যমন্ত্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই...

হঠাতে চেনি খোৱা বন্ধ কৰিলে শৰীৰত কি কি সমস্যা হ’ব পাৰে?

চেনি নোখোৱাটো সদায় স্বাস্থ্যৰ বাবে ভাল। কিন্তু হঠাৎ চেনি...

ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে প্ৰকাশ পালে উপগ্ৰহৰ প্ৰথমখন ছবি

দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময় অনুসৰি) ইৰাণৰ তিনিটা পৰমাণু...

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা বিমানখন দিল্লীলৈ...