নাবালিকাক ধৰ্ষণ কৰি পলায়ন জলেমান শ্বেখৰ

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দ্বীপচৰত নাবালিকাক ধৰ্ষণ। গোচৰৰ পাছতে পলায়ন হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অভিযুক্ত ছাত্ৰৰ। গোচৰৰ তিনি মাহ উকলি যোৱাৰ পাছতো ৰজস্যজনক বাবে অভিযুক্ত ছাত্ৰক গ্ৰেপ্তাৰ কৰিব পৰা নাই খাৰুৱাবান্ধা আৰক্ষীয়ে। অভিযুক্তৰ পৰা উৎকোচ লোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দ্বীপচৰ BSF কেম্পৰ নিচেই কাষতে থকা এটা পৰিয়ালৰ এগৰাকী নাবালিকা কিশোৰীক হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ এজনে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী নাবালিকা কিশোৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালে কৰা অভিযোগ মতে, যোৱা ৩ ডিচেম্বৰ ২০২১ত দিনৰ ভাগতে ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকা কিশোৰীগৰাকীক দ্বীপচৰ গাঁৱৰে জলেমান শ্বেখ নামৰ ছাত্ৰগৰাকীয়ে বলপূৰ্বকভাবে ধৰ্ষণৰ অভিযোগ। সেইদিনা ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃৰ আত্মীয় এগৰাকী মৃত্যুমুখত পৰা বাবে কিশোৰী গৰাকী আৰু ভাই বোৱাৰী এজনীক ঘৰতে ৰাখি পৰিয়ালৰ আন সদস্য সকলে মৃতদেহ সত্কাৰৰ বাবে যায়। পৰৱৰ্তী সময়ত ছাত্ৰজনৰ অভিভাৱকক বিষয়টো অৱগত কৰা হয় যদিও কোনো গুৰুত্ব নিদিয়াত যোৱা ১১ ডিচেম্বৰত খাৰুৱাবান্ধা আৰক্ষী চকীত কিশোৰীগৰাকীৰ মাতৃয়ে এজাহাৰ দাখিল কৰে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...