পৰিস্কাৰ-পৰিছন্নতাৰ বাবেই পৰ্যটনৰ কেন্দ্ৰ হৈ পৰা এখন গাঁও

স্বচ্ছ ভাৰত মিছনৰ জৰিয়তে অসমৰ প্ৰথম শ্ৰেষ্ঠ স্বচ্ছ আৰু পৰিষ্কাৰ গাওঁৰ স্বীকৃতি লাভ কৰা গোৱালপাৰাৰ ৰাংচাপাৰা। এই গাঁওখনৰ নৈসৰ্গিক পৰিৱেশ ইমানেই মনোমোহা যে, বিভিন্ন প্ৰান্তৰ পৰা এতিয়া এই গাঁৱখনলৈ আগমন ঘটিছে পৰ্যটকৰ৷ পৰিস্কাৰ-পৰিছন্নতাৰ বাবেই জিলিকি উঠা গাঁৱখনলৈ এতিয়া দেশী-বিদেশী পৰ্যটকৰ সমাগম। ধৰাৰ বুকুলৈ শীত নামি অহাৰ লগে লগে গোৱালপাৰাৰ ৰাংচাপাৰা গাওঁলৈও পৰ্যটকৰ আগমণ দুগুণে বৃদ্ধি পাই। ওৰে বছৰটো গাঁওখনলৈ পৰ্যটক যায় যদিও শীতকালত ৰাংচাপাৰাত পৰ্যটকৰ আগমণ দুগুণ বৃদ্ধি পায়।

পৰিষ্কাৰ গাঁৱৰ স্বীকৃতি লাভ কৰাৰ পিছৰে পৰাই গাঁওখন হৈ পৰিছে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। শীতৰ আগমনৰ লগে লগে পৰ্যটকৰ সংখ্য বৃদ্ধি পোৱাত গাঁওবাসীয়েও গাঁওখনক অধিক আকৰ্ষণীয় ৰূপত সজাই তোলে। শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে সৰৱ ভূমিকা পালন কৰে গাঁওখন পৰিস্কাৰ কৰি ৰখাত। গাঁওখনৰ এক নিৰ্দিষ্ট দূৰত্বত বাঁহৰ ডাষ্টবিন বহুৱাই তাতেই পেলনীয়া সামগ্ৰী পেলাই চিকুন কৰি ৰাখে গাঁওখন। ফু মাৰি ভাত খাব পৰা অৱস্থা গাঁওখনৰ বাট-পথ, প্ৰতিটো পৰিয়ালৰ আলি পদূলি।

গাঁওখনক অধিক মনোমোহা আৰু পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে স্বচ্ছ ভাৰত মিছনৰ তৰফৰ পৰাও দিয়া হৈছে অধিক সা সঁজুলি। পৰিস্কাৰ-পৰিছন্নতাৰ বাবেই মেঘালয়ৰ মাওলিনং আজি পৃথিৱী বিখ্যাত। আৰু পৰিস্কাৰ-পৰিছন্নতাৰ বাবেই গোৱালপাৰাৰ ৰাংচাপাৰাও হবলৈ গৈ আছে পৃথিৱী বিখ্যাত। প্ৰকৃতিয়ে এই গাঁওখনকো সুবিধা কৰি দিছে পৰ্যটনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বান্দৰ ক্ৰয় কৰিবলৈ চীনত লাগিছে হেতা-ওপৰা

নৱবৰ্ষৰ বাবে চীনত বান্দৰৰ চাহিদা তীব্ৰভাৱে বৃদ্ধি পাইছে। আগতে...

চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পুনৰ এক আন্তঃৰাষ্ট্ৰীয় সন্মান

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পৰিচালক হিচাপে আন এক...

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন।...