মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন

ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া ৰঙালীৰ উছাহ। চ’ত আৰু বহাগ মাহৰ পবিত্ৰ সংক্ৰান্তিৰ দিনা আৰম্ভ হোৱা ৰঙালী বিহুৱে সকলো অসমীয়াৰে মন-প্ৰাণ ৰঙীন কৰি তুলিছে। জাতীয় উৎসৱ বিহুৱে ভৌগোলিক পৰিসীমা নেওচি সকলো অসমীয়াৰ মন আলোড়িত কৰি তোলে । একে উছাহৰে মুম্বাইৰ প্ৰৱাসী অসমীয়া সকলকো ৰঙালী বিহু উদযাপন কৰা দেখা গ’ল ৷ যোৱা ২০ এপ্ৰিলৰ দিনা মুম্বাইৰ অসমীয়া সমাজ চমুকৈ গগনা- আছামিজ পিপলছ এছ’চিয়েছনে ৰঙালী বিহুটি ব’হাগী উৎসৱ হিচাপে পালন কৰে। উক্ত দিনা মীৰা ৰোডৰ (পূব) ছেণ্ট জন মাৰাথমা ছাইৰিয়ান ছাৰ্ছৰ প্ৰেক্ষাগৃহত আবেলি পাঁচ বজাৰপৰা নিশা দহ বজালৈ বিহু গীত, বিহু নৃত্য, ঝুমুৰ গীত, বাঁহীবাদন আদিকে ধৰি এক বাৰেৰহণীয়া কাৰ্যসূচীৰে ব’হাগী উৎসৱ পালন কৰা হয়। নৱী মুম্বাইত কৰ্মৰত অসমীয়া কলাকৌশলী লোকসকলৰ সংগঠন ‘কল্পতৰু শিল্পী সমাজ’ৰ দ্বাৰা পৰিৱেশন কৰা হুঁচৰিয়ে দৰ্শকক আপ্লুত কৰি তোলে। অসমীয়া কৃষ্টি-সংস্কৃতিৰ সৈতে নবপ্ৰজন্মক জড়িত কৰাৰ মানসেৰে শিশু আৰু কিশোৰ-কিশোৰী সকলক বিহু নৃত্যৰ প্ৰশিক্ষণ দি মঞ্চত পৰিবেশন কৰোৱা হয়। উল্লেখ্য যে ইয়াত কিছুমান অনা-অসমীয়া ল’ৰাছোৱালীয়ে ও অংশগ্ৰহণ কৰি উল্লাসিত হয়।

সাংস্কৃতিক আদান প্ৰদানৰ উদ্দেশ্যৰে গগণাই এইবাৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনে মাৰাঠী লেখক, চিনেমা পৰিচালক, প্ৰযোজক, আন্তঃৰাষ্ট্ৰীয় জুৰী সদস্য, টেলিভিছনৰ বহুকেইখন ধাৰাবাহিক পৰিচালনা কৰাৰ লগতে বলীউড, মাৰাঠী ভাষাৰ অনেক ছবিত কাম কৰি বহুকেইটা ৰাষ্ট্ৰীয়/আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত শ্ৰীযুত মনোজ কদম ডাঙৰীয়াক। তেখেতে গগণা মুম্বাইৰ তৰফৰ পৰা লোৱা পদক্ষেপবোৰৰ শলাগ লয় আৰু তেখেতৰ ফালৰ পৰাও সম্পূৰ্ণ সহযোগীতা প্ৰদান কৰিব বুলিও উপস্থিত ৰাইজক অবগত কৰে।
ইয়াৰ উপৰিও নিমন্ত্ৰণ কৰি অনা মৰাঠী শিল্পী সকলে লাউনী নাচ প্ৰদৰ্শন কৰি ৰাইজৰ বিশেষ সমাদৰ লাভ কৰে।

গগনাৰ মহিলা নৃত্যশিল্পী সকলে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উপাদানেৰে সমৃদ্ধ এটি মেশ্ব-আপ নৃত্য পৰিৱেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰে। ইয়াৰ উপৰিও, মুম্বাইৰ উদীয়মান শিল্পী হৃদয় কাশ্যপ, লয় বৰুৱাৰ গীতে ৰাইজৰ প্ৰশংসা পাবলৈ সক্ষম হয়।

গগনাৰ বয়োজেষ্ঠ সদস্য সকলৰ দ্বাৰা বন্তি প্ৰজলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। সাংস্কৃতিক সন্ধিয়াত বিশেষভাৱে আমন্ত্ৰিত কণ্ঠশিল্পী ঋষভ বৰচেতিয়াই গীত পৰিৱেশন কৰি উপস্থিত সকলোৰে মন জীপাল কৰি তোলে।

অনুষ্ঠানটোত অসম গৌৰৱ সন্মানেৰে সন্মানিত দেৱজিত চাংমাই, গগণা শাখা সাহিত্য সভাৰ সভাপতি জীৱৰাজ বৰ্মন আদিকৰি বহু অসমীয়া আৰু অনা অসমীয়া লোক উপস্থিত থাকি ৰঙালীৰ ৰঙত বুৰ যোৱা পৰিলক্ষিত হয়।

অনুষ্ঠানটি আয়োজন কৰাত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটেল , আৰু ঠাণেৰ জুপিটাৰ হস্পিটেলে আৰ্থিক সহযোগিতা আগবঢ়ায় । কোকিলাবেন হস্পিটেলৰ মহা প্ৰৱন্ধক জেমচ আৰণহা আৰু জেষ্ঠ চিকিৎসক অসম সন্তান ডাক্তৰ দুৱৰা উপস্থিত থাকি অনুষ্ঠান উপভোগ কৰে ।

ইফালে, অসমীয়া থলুৱা খাদ্য সম্ভাৰ লৈ বহা পিঠাপনা বিপণীকে প্ৰমুখ্য কৰি প্ৰাকৃতিক তেল আৰু সুন্দৰ স্বাস্থ্য সম্পৰ্কীয় বিপনীয়েও বিহুখনিত অংশগ্ৰহণ কৰি ৰঙালী বিহু ২০২৪ ৰঙীন কৰি তোলে।

ৰাইজে পিঠাপনাৰ লগতে লগে-ভাগে মিলি এসাঁজ থলুৱা খাদ্য গ্ৰহণ কৰে। বিহু সমিতিৰ সকলো সদস্য, বিষয়-ববীয়া সকল, প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে জঢ়িত থকা সকলো ৰাইজক গগনাই ধন্যবাদ জনাই শলাগৰ শৰাই আগবঢ়ায়।

উল্লেখযোগ্য যে গগনা মুম্বাইয়ে পূৰ্বৰেপৰা এনেদৰে নিজৰ সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে সাংস্কৃতিক আদান প্ৰদানৰ দ্বাৰা অসম তথা মুম্বাই’ৰ সাংস্কৃতিক একত্ৰীকৰণৰ দিশত কাম কৰি আহিছে।

বাপতিসাহোন ৰঙালী বিহুটি সুচাৰুৰূপে সমাপন কৰাৰ বাবে গগনাৰ সভাপতি অমৃত প্ৰীতমে উপ সভাপতি বৰ্ণালী চাংমাই, সাধাৰণ সম্পাদক গুণীন গগৈ, কাৰিকৰী দিশত সহায় কৰা অৰূপ গোহাঁই, সাংস্কৃতিক দিশত হীৰামণি ডেকা, অনুষ্ঠানটি প্ৰথমৰপৰা শেষলৈকে সুন্দৰকৈ আঁতধৰা জুৰি লস্কৰৰ লগতে সকলো ৰাইজলৈ আন্তৰিক ধন্যবাদ জনায়।

1764 COMMENTS

  1. balloon казино играть balloon game Играйте РЅР° деньги Рё получайте удовольствиe.

  2. Казино — это место для больших выигрышей.: balloon game – balloon game

  3. Баллон — это автомат для настоящих любителей.: balloon game – balloon игра на деньги

  4. Играть РІ казино — всегда интересное приключение.: balloon game – balloon игра на деньги

  5. balloon казино играть balloon игра Казино — это место для больших выигрышей.

  6. Автоматы Ballon поднимают настроение каждому.: balloon игра – balloon game

  7. Играйте РІ Ballon Рё наслаждайтесь процессом.: balloon game – balloon казино демо

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰদৈচিলাৰ সংহাৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰদৈচিলা। ৰঙালীৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত...

৬ বছৰ আগতেই হেৰোৱা কিশোৰক পিতৃক গতালে NKTVয়ে

৬ বছৰৰ অন্তত পিতা-পুত্ৰৰ মহামিলন।৬ বছৰ আগতেই হেৰোৱা কিশোৰক...

GMCHৰ ICUৰ পৰা নিৰুদ্দেশ ৰোগী

GMCHৰ ICUৰ পৰা নিৰুদ্দেশ ৰোগী। চিকিৎসাধীন অৱস্থাতে নিৰুদ্দেশ ৰোগীজন।...

ব’হাগ বিহুৰ পূৰ্বে ঘোষণা হ’ব পাৰে মেট্ৰিকৰ ফলাফল

ব’হাগ বিহুৰ পূৰ্বে ঘোষণা হ’ব পাৰে মেট্ৰিকৰ ফলাফল। ফলাফল...