আজি ৰাজস্থান ৰয়েলছৰ প্ৰতিদ্বন্দ্বী লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ

চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল-২০২৪] ৰ শীৰ্ষস্থানত থকা ৰাজস্থান ৰয়েলছে কাইলৈ লক্ষ্ণৌত ঘৰুৱা দল লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে নিজৰ নৱম মেচখনত অংশ ল’ব৷ উল্লেখ্য যে আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্ট দলক পৰাস্ত কৰিয়েই চিজনৰ প্ৰত্যাশিত আৰম্ভনি কৰিছিল৷

জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত খেলা ছিজনৰ প্ৰথম মেচখনত ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ২০ ৰাণত পৰাস্ত কৰিছিল৷ উক্ত মেচখনত ৰাজস্থান ৰয়েলছৰ হৈ অধিনায়ক সঞ্জু ছেমছনে অপৰাজিত ৮৩ আৰু অসম সন্তান ৰিয়ান পৰাগে অনবদ্য ৪৩ ৰাণ কৰি দলৰ বিজয়ত মুখ্য ভূমিকা লৈছিল৷ কাইলৈৰ মেচতো ৰাজস্থান ৰয়েলছে নিজৰ সফলতাৰ ধাৰাবাহিকতা অব্যাহত ৰখিব বুলি আজি সংবাদমেলত ব্যক্ত কৰিছে দলৰ আন এজন প্ৰতিভাবান তাৰকা তথা টীম ইণ্ডিয়াৰ টেষ্ট দলৰ উইকেটৰক্ষক বেটাৰ ধ্ৰুৱ জুৰেলে৷

‘চলিত ছিজনত এতিয়ালৈকে আমি খেলা আঠখন মেচৰ সাতখনতে জয়লাভ কৰিছো৷ আনহাতে, আমি জয়ী হোৱা সাতখন মেচৰ প্ৰতিখনৰে মেন অৱ দ্য মেচ পৃথক৷ অৰ্থাৎ সাতখন মেচৰ সাতজন মেন অৱ দ্য মেচ৷ এই কথাটোৱে প্ৰতিফলিত কৰে যে দলীয় শক্তিৰে আমি সফলতা লাভ কৰিবলৈ সক্ষম হৈছো৷ আমি এই ধাৰা বাকী থকা মেচতো অব্যাহত ৰাখিবলৈ দৃঢ়৷’ জুৰেলে কয়৷

উল্লেখ্য যে লক্ষ্ণৌ জুৰেলৰ গৃহ ষ্টেডিয়াম৷ উত্তৰ প্ৰদেশৰ জুনিয়ৰ তথা বৰ্তমান ৰঞ্জী দলৰ সদস্য জুৰেল ২০২০ চনৰ আই চি চি ১৯ অনুধ্বৰ্ বিশ্বকাপৰ ৰানাৰ্ছআপ ভাৰতীয় দলৰ সহঃঅধিনায়ক আছিল৷ ২০২২ চনত ৰাজস্থান ৰয়েলছত যোগ দিয়া উইকেটৰক্ষক বেটাৰগৰাকীয়ে যোৱা বছৰ গুৱাহাটীত হোৱা প্ৰথমখন আই পি এলত মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে এ চি এ ষ্টেডিয়ামত অভিষেক কৰিছিল৷ আনহাতে, চলিত বৰ্ষতে ইংলণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলৰ হৈ উইকেটৰক্ষক বেটাৰ হিচাপে আন্তৰ্জাতিক অভিষেক কৰে৷

কিন্তু ৰাজস্থান ৰয়েলছ দলত জুৰেল উইকেটৰক্ষকৰ দায়িত্বত নাই৷ এই সম্পৰ্কত প্ৰশ্ন কৰাত জুৰেলে কয়, ‘বিষয়টো লৈ মই মুঠেও দুখিত নহয়৷ মই ফিল্ডিং কৰিও মেচ উপভোগ কৰো, আৰু সেয়া মোৰ সৰুৰে পৰা প্ৰিয়৷ দলক প্ৰতিখন মেচতে মোৰ খেলপথাৰৰ প্ৰদৰ্শনৰে সহায় কৰা তথা জয়লাভ কৰাৰ আনন্দ মোৰ বাবে বেচি গুৰুত্বপূৰ্ণ৷’

উল্লেখযোগ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এতিয়ালৈকে খেলা আঠখন মেচৰ সাতখনতে জয়ী হৈ ১৪ পইণ্টৰে টেবুলৰ শীৰ্ষত থাকি প্লে অফত স্থান লাভৰ দিশে অগ্ৰসৰ হৈছে৷ ৰাজস্থান ৰয়েলছে এতিয়া চাৰিখন মেচ ক্ৰমে লক্ষ্ণৌ, হায়দৰাবাদ, নতুন দিল্লী আৰু চেন্নাইত খেলিব৷ বাহিৰত খেলিব লগা এই চাৰিখন মেচৰ সফলতাই দলৰ প্ৰে-অফ নিশ্চিত কৰিব৷

কিন্তু ৰয়েলছৰ বাবে গুৰুত্বপূৰ্ণ বিষয়টো হ’ল দলটোৱে অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ স্মৰ্তব্য যে সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এ চি এ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ ইতিমধ্যে দূয়োটা দলকে ৰয়েলছে পৰাস্ত কৰিছে৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...