গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ অনুশীলন শিবিৰ আৰম্ভ

এটা দল, দুখন ঘৰ৷ জন্ম ৰাজস্থানত, উদযাপন অসমত৷’ শ্ল’গানৰে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ দুখনকৈ ঘৰুৱা মেচ গুৱাহাটীলৈ খেলিব অহা ৰাজস্থান ৰয়েলছে অসম তথা উত্তৰ পূৱৰ অনুৰাগীক এইবাৰ আন এক নতুন উপহাৰ দিবলৈ সাজু হৈছে৷ সেই অনুসৰি আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন দলটোৱে ক্ৰিকেটপ্ৰেমীক এইবাৰ ষ্টেডিয়ামত খেলুৱৈৰ অনুশীলন উপভোগ কৰাৰ সুযোগ দিব৷

অহা ২১ ফেব্ৰুৱাৰীত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত নিশা সাত বজাৰ পৰা এঘাৰ বজালৈ হ’বলগা ৰাজস্থান ৰয়েলছৰ অনুশীলন গেলেৰীত বহি উপভোগ কৰিব পাৰিব ক্ৰিকেটপ্ৰেমীয়ে৷ উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অসমৰ লোকে এইদৰে এ চি এ ষ্টেডিয়ামত কোনো দলৰ অনুশীলন গেলেৰীত বহি উপভোগ কৰাৰ সুযোগ পাইছে৷ ইয়াৰ বাবে কোনো টিকটৰো প্ৰয়োজন নাই৷ দৰ্শকৰ বাবে মুকলি থাকিব আৰ আৰ দলৰ অনুশীলন৷

ইফালে, আজিৰে পৰাই ৰাজস্থান ৰয়েলছে এ চি এ ষ্টেডিয়ামত নিজৰ অনুশীলন আৰম্ভ কৰিছে৷ আজি পূৱা দহ বজাৰ পৰা তিনি বজালৈ তথা নিশা সাত বজাৰ পৰা এঘাৰ বজালৈ দলটোৰ খেলুৱৈসকলে অনুশীলন কৰে৷ প্ৰথমদিনাৰ অনুশীলনত অংশ লয় অসম সন্তান ৰিয়ান পৰাগ, নীতিশ ৰানা, ধ্ৰুৱ জুৰেল, বৈভৱ সূৰ্যবংশী, অশোক শৰ্মা, আকাশ মাধৱাল, সন্দিপ শৰ্মাই৷ দলৰ অনুশীলনত উপস্থিত থাকে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু স্পীন বলিং প্ৰশিক্ষক ছৈৰাজ বহুতুলে৷ অহা ২২ ফেব্ৰুৱাৰীলৈ এই বিশেষ শিবিৰ অনুষ্ঠিত হ’ব৷

স্মৰ্তব্য যে এইবাৰ ৰাজস্থান ৰয়েলছে গুৱাহাটীত মেচ খেলাই নহয় অনুশীলন শিবিৰো দলটোৰ দ্বিতীয়খন ঘৰ বৰ্ষাপাৰাৰ এ চি এ ক্ৰিকেট ষ্টেডিয়ামতে কৰাৰ সিদ্ধান্ত লৈছে৷ ইফালে, ৰাজস্থান ৰয়েলছে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ ঘৰুৱা মেচৰ আৰম্ভনিও গুৱাহাটীৰ পৰাই কৰিব৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অহা ২৬ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷

অৱশ্যে আৰ আৰ দলে ইয়াৰপূৰ্বে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনত অভিযান আৰম্ভ কৰিব৷ গুৱাহাটীত অনুশীলন কৰিয়ে ছিজনৰ নতুন অভিযানৰ বাবে যাব দলটো৷ উল্লেখ্য যে ক্ৰমাগত তৃতীয়বাৰৰ বাবে গুৱাহাটীক গৃহ চহৰ হিচাপে লৈছে ৰাজস্থান ৰয়েলছে৷ অসম তথা উত্তৰ পূৱৰ জনসাধাৰণৰ মৰম বিচাৰি পুনৰ গুৱাহাটীলৈ আহিছে ৰাজস্থান ৰয়েলছ৷ যোৱা দুটা ছিজনত ৰাজস্থান ৰয়েলছক উত্তৰ পূৱৰ জনগনে যি অকৃটিম মৰমৰে আকোৱালী লৈছে তাক লৈ দলটো স্বাভাৱিকতে আবেগিক৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...