২৪ ঘন্টাত ৰাজ্যত প্ৰাণঘাটি দুৰ্ঘটনাত ৩জনৰ অকাল মৃত্যু

মৃত্যুৰ উপত্যকালৈ পৰিণত ৰাজ্যৰ ৰাজপথ। ক’ৰবাত পথৰ দুৰৱস্থা, ক’ৰবাত উদণ্ড চালকৰ বাবে দুৰ্ঘটনা। ২৪ ঘন্টাত ৰাজ্যত প্ৰাণঘাটি দুৰ্ঘটনাত ৩ জনৰ অকাল মৃত্যু।

প্ৰথমটো দুৰ্ঘটনা কাজিৰঙাৰ। কাজিৰঙাত তীব্ৰ বেগী বাহনৰ খুন্দাত নিহত চাইকেল আৰোহী। কাজিৰঙাৰ বগৰিজুৰিৰ সমীপৰ ৩৭ নং ৰষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা। ৰাস্তাৰে চাইকেল চলাই গৈ থকা অৱস্থাত তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত কাজিৰঙৰ হালোৱা এন চিৰ জিমী উৰাং নামৰ এজন। দুৰ্ঘটনাৰ পাছতেই ততাতৈয়াকৈ লোকজনক কাজিৰঙাৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

গহপুৰৰ ককিলাগুৰিতো ট্ৰাকৰ খুন্দাত নিহত এজন। নিশা ৰাজপথত ৰৈ থকা ট্ৰাকত খুন্দা গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখী অন্য এখন ট্ৰাকৰ। ৰৈ থকা ট্ৰাকখন বেয়া হোৱাত ৰাজপথতে চালকজনে ভাল কৰি আছিল ট্ৰাকখন। তেনেতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত ৰাজস্থানৰ ট্ৰাকচালক দীনেশ মিনি। আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজনো আহত। ঘটনাস্থলীত গহপুৰ আৰক্ষীৰ উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। ইপিনে সোমবাৰে নিশা, গুৱাহাটীৰ চন্দ্ৰপুৰত দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত নিহত বাইক আৰোহী। নিহত যুৱকজন বেলতলাৰ নিবাসী কল্পজ্যোতি চৌধুৰী।

চন্দ্ৰপুৰৰ পৰা গুৱাহাটী অভিমুখে নিশা বাইক লৈ আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত বহু দূৰলৈকে চিটিকি পৰে যুৱকজন। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক উদ্ধাৰ কৰি GMCHলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজনক। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন ডাম্পাৰসহ চালকৰ।

তীব্ৰ যান-জঁটৰ বাবেই ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। ক্ষেত্ৰীৰ নোৱাগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত টাটা নেক্সন আৰু হোণ্ডাই AMAZEৰ মুখামুখি সংঘৰ্ষ। চাইকেল আৰোহীক বচাবলৈ গৈ হোণ্ডাই AMAZEত খুন্দা টাটা নেক্সনৰ। ফলত মহিলাসহ তিনিগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। আহতসকলক উন্নত চিকিৎসাৰ বাবে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ক্ষেত্ৰী যান-বাহন আৰক্ষীৰ ব্যৰ্থতাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ একাংশৰ।

তিনিচুকীয়াৰ পানীতোলাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল বাহন। সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন ৪ জন। পানীতোলা বাইপাছত ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া অভিমুখী AS23AK6191 নম্বৰৰ হোন্দা এস্কটা বাহন দুৰ্ঘটনাগ্ৰস্ত। দ্ৰুতবেগত অহাৰ বাবেই দুৰ্ঘটনাত পতিত বাহনখন। এনেকৈয়ে পথৰ দুৰৱস্থা, উদণ্ড চালক কিম্বা দ্ৰুতবেগৰ বাবেই নিতৌ ৰাজ্যত সংঘটিত পথ দুৰ্ঘটনাত কোনোৱে প্ৰাণ হেৰুৱাইছে, কোনো হৈছে ঘূণীয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...