আজিৰে পৰা বৃদ্ধি হ’ল যাত্ৰীবাহী ৰে’লৰ ভাড়া

আজিৰে পৰা বৃদ্ধি হ’ল যাত্ৰীবাহী ৰে’লৰ ভাড়া। ৫০০ কিলোমিটাৰৰ অধিক দূৰত্বত বৃদ্ধি কৰা হৈছে ভাড়া। দ্বিতীয় শ্ৰেণীৰ দবাত যাত্ৰীৰ ভাড়া বৃদ্ধি কৰা হৈছে ৫ টকালৈকে। ৫০১ কিঃমিঃৰ পৰা ১৫০০ কিঃমিঃলৈকে প্ৰযোজ্য হ’ব এই ভাড়া। ১৫০১ কিঃমিঃৰ পৰা ২৫০০ কিঃমিঃলৈকে বৃদ্ধি হ’ব ১০ টকা। ২০৫১ কিঃমিঃৰ পৰা ৩০০০ কিঃমিঃলৈকে ভাৰা বৃদ্ধি হ’ব ১৫ টকাকৈ। বৃদ্ধি কৰা হৈছে শ্লিপাৰ ক্লাছ আৰু প্ৰথম শ্ৰেণীৰ ভাড়াও। প্ৰতি কিলোমিটাৰত ৫ পইচাকৈ বৃদ্ধি কৰা হৈছে যাত্ৰীৰ ভাড়া। মেইল,এক্সপ্ৰেছ ৰে’লত নন এচি ক্লাছতো প্ৰতি কিঃমিঃত ১ টকাকৈ ভাড়া বৃদ্ধি। দ্বিতীয় শ্ৰেণী, শ্লিপাৰ ক্লাছ, প্ৰথম শ্ৰেণীৰ দবাত প্ৰতি কিঃমিঃত বৃদ্ধি ১ পইচাকৈ। চেয়াৰ কাৰ, থ্ৰি টায়াৰ, ট্যু টায়াৰ, এচি ফাষ্ট ক্লাছত প্ৰতি কিঃমিঃত ২ পইচাকৈ ভাড়া বৃদ্ধি। ইপিনে বাণিজ্যিক LPG চিলিণ্ডাৰৰ দামো বৃদ্ধি কৰা হৈছে আজিৰে পৰা। ১৯ কিলোগ্ৰামৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৫৮.৫ টকাকৈ বৃদ্ধি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...