বিশ্বৰ তৃতীয় ধনাঢ্য ব্যক্তিৰ বিয়া

বিশ্বৰ তৃতীয় ধনাঢ্য ব্যক্তিৰ বিয়া। বিবাহপাশত আৱদ্ধ হ’ল জেফ বেজছ। দীৰ্ঘদিনীয়া প্ৰেমিকা লৰেণ চাঞ্চেজৰে যুগ্মজীৱন আৰম্ভ।

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ল এই চৰ্চিত প্ৰেমিক যুগলৰ বিয়া। বিয়াৰ বাবে দুয়োৱে বাচি লৈছিল ভেনিচৰ আটাইতকৈ ৰোমাণ্টিক স্থান। য’ত স্থানীয় শিল্পীৰ নিপুন হাতৰ পৰশত প্ৰাণ পাই উঠিছে পৰম্পৰাগত বিভিন্ন বৈশিষ্ট। অতি জাক-জমকতাৰ পৰিৱৰ্তে পৰম্পৰাগত শৈলিকহে গুৰুত্ব দিয়া দেখা গ’ল এই বিয়াখনত। দেশী-বিদেশী ২০০ গৰাকী অতিথিৰ উপস্থিতিতে সাংসাৰিক জীৱন আৰম্ভ কৰিলে দুয়ো।

২৭ জুনত বিবাহপাশত আৱদ্ধ জেফ-লৰেণ। ২৪ জুনৰ পৰাই আৰম্ভ হৈছিল দুয়োৰে বিবাহ অনুষ্ঠান। সম্প্ৰতি বিশ্ববাসীৰ দৃষ্টি নিৱদ্ধ হৈ আছে এই বিয়াখনত। বিয়াৰ ৮০ শতাংশ সামগ্ৰী স্থানীয় বিক্ৰেতাৰ পৰাই ক্ৰয় কৰিছিল জেফ আৰু লৰেণে। বিয়াৰ অতিথিক আপ্যায়ন কৰিলে চহৰখনৰ আটাইতকৈ পুৰণি পেষ্ট্ৰি নিৰ্মাতা ৰোজা ছালভাই। চহৰখনৰ মুৰানো গ্লাচৰ বাবে পৰিচিত লাগুনা বিয়ে তৈয়াৰ কৰিলে বিয়াৰ বিভিন্ন সামগ্ৰী।

২০০ গৰাকী অতিথিৰ মাজত আছিল ছালমা হায়েক পিনাল্ট, মিৰাণ্ডা কেৰ, বাৰ্ব্ৰা ষ্ট্ৰেইছেণ্ড, ছুকি ৱাটাৰহাউছ, ৰবাৰ্ট পেটিনছন, অপ্ৰাহ উইনফ্ৰে আৰু ডনাল্ড ট্ৰাম্পৰ জীয়ৰী ইভাংকা ট্ৰাম্প আদিৰ একাংশ জনপ্ৰিয় লোক। অতিথিসকলৰ বাবে বেলমণ্ড চিপ্ৰিয়ানি, গ্ৰীটি পেলেচ, আমান ভেনিচৰ দৰে বিলাসী বাসস্থানৰ ব্যৱস্থা কৰা হৈছিল। এইসমূহৰ মাজতে আন এটা চৰ্চিত বিষয় লৰেণ চাঞ্চেজৰ কইনাৰ সাজযোৰ। কইনাৰ সাজযোৰ চাবলৈ উৎকণ্ঠিত হৈ আছে বহুজন। পিছে কঠোৰ গোপনীয়তাৰ মাজত ৰখা হৈছিল এই কইনা সাজ। বিশেষভাৱে ডিজাইন কৰা হৈছিল কইনাৰ গাউন। Vogue আৰু আন্না উইণ্টুৰে তৈয়াৰ কৰিছে কইনা লৰেণ চাঞ্চেজৰ পোচাকযোৰ। যি গাউনত বিশ্ববিখ্যাত ভেলেণ্টিনো, ডলচে এণ্ড গাবানা, অস্কাৰ ড্যা লা ৰেণ্টাৰৰ ডিজাইনৰ প্ৰভাৱ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...