তাচপাতৰ দৰে খহি পৰিছে ঘৰ, নৈৰ সোঁতত উটি গৈছে মানুহ

পুনৰ হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ। কংগনা ৰাণাৱতৰ সংসদীয় সমষ্টি মাণ্ডিত ভয়াৱহ পৰিস্থিতি। ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰৱল বৃষ্টিপাতত বিপদসীমাৰ বহু ওপৰেৰে বৈছে ব্যাস নদী।

ভূমিস্খলন আৰু ব্যাসৰ কোবাল সোঁতে লৈছে সংহাৰী ৰূপ। হুৰহুৰাই খহি পৰিছে বহু মহলীয়া অট্টালিকা। সোমবাৰে নিশাৰে পৰা বৃদ্ধি পাইছে বৰষুণ।

কেইবাজনো লোকৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও ৩০ গৰাকী লোক সন্ধানহীন হৈ আছে। ঘৰ–দুৱাৰৰো বিস্তৰ ক্ষতি হৈছে। ভূমিস্খলনত ধ্বংসস্তুপত পৰিণত হৈছে বহু বাসগৃহ। যান–বাহন পোত গৈছে বোকামাটিৰ তলত।

মাণ্ডি জিলাৰ কাৰছোগ, ছেৰাজ, ধৰমপুৰ এলেকাত ব্যাহত হৈছে জনজীৱন। বন্ধ হৈ পৰিছে কিতাৰপুৰ–মানালি পথ। বহু পৰ্যটক আৱদ্ধ হৈ পৰিছে পথৰ ওপৰতে। প্ৰশাসনে মঙলবাৰে মাণ্ডিৰ শিক্ষনুষ্ঠান বন্ধ দিছে। পৰিস্থিতি মোকাবিলা কৰাৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে চেষ্টা চলাই আছে।

আনহাতে বিপাশা নদীৰ জলস্তৰো বিপদসীমাৰ ওপৰেৰে বৈছে। পোণ্ডোহ আৰু লাৰজি বান্ধৰ পানী এৰি দিয়াত বিপৰ্যয় অধিক হোৱাৰ শংকা প্ৰকট হৈছে। বহুলোকক বিপদজনক স্থানৰ পৰা আঁতৰাই নিয়া হৈছে। মুঠতে এক ভয়াবহ পৰিস্থিতি সন্মুখীন হৈছে হিমাচল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...