আজিৰে পৰা ৮ দিনীয়া ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজিৰে পৰা ৮ দিনীয়া ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৮ দিনীয়া ভ্ৰমণকালত ৫ খন ৰাষ্ট্ৰলৈ যাব প্ৰধানমন্ত্ৰী। আজি ঘানা ভ্ৰমণেৰে আৰম্ভ হ’ব মোদীৰ বিদেশ ভ্ৰমণৰ কাৰ্যসূচী। দুখন মহাদেশলৈও যাব প্ৰধানমন্ত্ৰী। ঘানাৰ পৰা ট্ৰিনিদাদ-টবাগ’লৈ যাব নৰেন্দ্ৰ মোদী। দ্বীপৰাষ্ট্ৰখনৰ সংসদৰ যুটীয়া অধিবেশনত ভাষণ দিব মোদীয়ে। ৪ জুলাইত আৰ্জেন্টিনালৈ যাব প্ৰধানমন্ত্ৰী মোদী। আৰ্জেন্টিনাত ৰাষ্ট্ৰপতি জেভিয়েৰ মিলেইৰ সৈতে বহিব আলোচনাত। ৫ জুলাইত উপস্থিত হ’ব ব্ৰাজিলত। ব্ৰাজিলতেই সৰ্বাধিক দিন কটাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৫ জুলাইৰ পৰা ৮ জুলাইলৈ ব্ৰাজিলতে থাকিব নৰেন্দ্ৰ মোদী। ৰিঅ’ দা জেনেইৰ’ত হ’বলগীয়া ব্ৰিকছ সন্মিলনতো অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে। নামিবিয়া ভ্ৰমণেৰে সামৰণি পৰিব প্ৰধানমন্ত্ৰীৰ এই বিদেশ ভ্ৰমণ। মন কৰিবলগীয়া যে ১০ বছৰত এয়াই মোদীৰ আটাইতকৈ দীঘলীয়া বিদেশ ভ্ৰমণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...