অধিনায়ক হিচাপে ৰিয়ানৰ দক্ষতাক প্ৰশংসা ৰাহুল দ্ৰাবিড়ৰ

‘অধিনায়ক হিচাপে ৰিয়ানৰ দক্ষতাক মই প্ৰশংসা কৰিম৷ আকস্মিকভাৱে তেওঁ দলক নেতৃত্ব দিব লগা হৈছে৷ কিন্তু দলক খেলপথাৰত প্ৰত্যাশা অনুসৰিয়ে পৰিচালনা কৰিছে ৰিয়ানে৷ প্ৰথম মেচখন তেওঁৰ বাবে স্বাভাৱিকতে প্ৰত্যাহ্বান আছিল৷ কিন্তু অধিনায়ক হিচাপে এবাৰো তেওঁ চাপৰ সন্মুখীন হোৱাটো খেলপথাৰত দেখুওৱা নাছিল৷ এয়াই দৃঢ়তা৷ আনহাতে, কে কে আৰৰ বিৰুদ্ধে পাৱাৰ প্লে’ত তেওঁ দক্ষতাৰে বলাৰৰ সংমিশ্ৰন কৰি বিপক্ষৰ বেটাৰক বান্ধি ৰাখিছিল৷ মেচৰ পৰাজয় দলৰ, অধিনায়কক ইয়াৰ বাবে সমালোচনা কৰাটো সমিচিন নহয়৷ আমি প্ৰথম দুখন মেচত পৰাজয়ৰ কাৰণ ৩০ ৰাণৰ কম-বেছি৷ হায়দৰাবাদৰ বিৰুদ্ধে ৩০ ৰাণ বেচিকৈ দিছো, বিপৰীতে কলকাতাৰ বিৰুদ্ধে ৩০ ৰাণ কমকৈ কৰিলো৷ জয়লাভ নকৰিলেও সামগ্ৰিকভাবে দলে ছিজনৰ আৰম্ভনিৰ প্ৰদৰ্শন ভালদৰে কৰিছে৷ এতিয়া আমাৰ লক্ষ্য যি দহ শতাংশ কাম দলে কৰিব আছে সেয়া সম্পূৰ্ণ কৰি কাইলৈৰ মেচত শ্ৰেষ্ঠ প্ৰদৰ্শনৰে জয়লাভ অৰ্জন কৰা৷’ এই মন্তব্য ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ৷

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত কাইলৈ ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ছিজনৰ তৃতীয় তথা দ্বিতীয়খন ঘৰুৱা মেচত অংশ ল’ব৷ আজি সংবাদমেলত অংশ লৈ দলটোৰ মুখ্য প্ৰশিক্ষক দ্ৰাবিড়ে গুৰুত্বপূৰ্ণ মেচখনত স্পীনাৰৰ ভূমিকা নিৰ্ণায়ক হ’ব বুলিও উল্লেখ কৰে৷ অৱশ্যে দলৰ মুল একাদশ সাল-সলনিৰ প্ৰশ্নৰ উত্তৰ দি টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষকগৰাকীয়ে জনাই যে উইকেট নিৰীক্ষণ কৰিহে সেয়া সিদ্ধান্ত লোৱা হ’ব৷ আনহাতে, প্ৰথমে বেটিং বা বলিং কৰাৰ সুবিধা কোনো দলৰে ক্ষেত্ৰত নাই বুলি তেও কয়৷ ‘আমি ভাবিছিলো গুৱাহাটীত নিয়ৰৰ প্ৰভাৱ খেলত পৰিব৷ কিন্তু প্ৰথম মেচত সেয়া দেখা নগ’ল৷ যাৰবাবে টছত জয়-পৰাজয়টো নিৰ্ণায়ক নহয়৷ কিন্তু ১৬০ ৰ অধিক ৰাণ কৰাটো লগতে ইনিংছৰ মধ্যভাগত স্পীনাৰে উইকেট লোৱাটো প্ৰয়োজন৷’ দ্ৰাবিডে কয়৷

ইফালে, অসম সন্তান ৰিয়ানৰ বেটিং দক্ষতাক প্ৰশংসা কৰি দ্ৰাবিড়ে কয় ‘আমি ৰিয়ানক এইবাৰ তিনি নম্বৰ স্থানত খেলাইছো৷ ইয়াৰ কাৰণ হ’ল তেওঁৰ দৃঢ়তা আৰু ইনিংছ আগুৱাই নিয়াৰ দক্ষতা৷ ৰিয়ান দলে ভৰষা কৰিব পৰা বেটাৰ৷ যদিও আমাৰ দলটো নৱাগত ক্ৰিকেটাৰৰে গঠিত কিন্তু আটাইকেইগৰাকী প্ৰতিভাবান৷ যিকোনো পৰিস্থিতিত মেচ সলনি কৰাৰ ক্ষমতা আছে৷ যোৱা মেচতো আৰ্চাৰে গুৰুত্বপূৰ্ণ ৰাণ কৰিছে৷’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...