সৌন্দৰ্য প্ৰতিযোগিতাত ভাৰতৰ ইতিহাস ৰচনা

প্ৰথমবাৰৰ বাবে মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল খিতাপ অৰ্জনেৰে ভাৰতক গৌৰৱান্বিত কৰিলে পঞ্জাৱৰ সুন্দৰী ৰাচেল গুপ্তাই। বেংককত অনুষ্ঠিত এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ খিতাপ অৰ্জনেৰে বিশ্বজুৰি আলোকিত কৰিলে ভাৰতৰ নাম। কেইবাগৰাকীও সুন্দৰীক পৰাস্ত কৰি ‘মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল মুকুট’ অৰ্জন ৰাচেলৰ। ফিলিপাইনছৰ ক্ৰিষ্টিন জুলিয়েন ওপিয়াজ্জাক পৰাস্ত ৰাচেলৰ। পৰাস্ত কৰিলে ম্যানমাৰৰ থাই চু নেনকোক। ফ্ৰাঞ্চৰ সুন্দৰী সাফিটো কাবেংগেলকো কৰিলে পৰাস্ত। পিছ পেলালে ব্ৰাজিলৰ তালিতা হাৰ্টমেনকো

এইসকল মোহময়ী যুৱতীক পিছ পেলাই বিজয়ীৰ মুকুট পিন্ধিলে ৰাচেল গুপ্তাই। পেৰুৰ সুন্দৰী মডেল লুচিয়ানা ফুষ্টাৰে মুকুট পিন্ধালে ৰাচেলক। ইয়াৰ পূৰ্বে পেৰিছত অনুষ্ঠিত ‘ছুপাৰ টেলেণ্ট অফ দ্য ৱৰ্ল্ড’ খিতাপ লাভ কৰিছিল ৰাচেল গুপ্তাই। উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৬০ খন দেশৰ ৬০ গৰাকী সুন্দৰীৰে। পোলেণ্ডৰ ভেৰোনিকা নোভাকৰ সৈতে এই বঁটা শ্বেয়াৰ কৰিছিল সুন্দৰী ৰাচেলে। ৰাচেল গুপ্তাৰ পূৰ্বে ১৯৭০ চনত প্ৰবীণ অভিনেত্ৰী

জিন্নত আমানে লাভ কৰিছিল ‘ছুপাৰ টেলেণ্ট অফ দ্য ৱৰ্ল্ড’ বঁটা। ২০০৪ চনৰ ২৪ জানুৱাৰীত জন্মগ্ৰহণ কৰা এইগৰাকী সুন্দৰী যুৱতীৰ উচ্চতা ৫ফুট ১০ ইঞ্চি। পূৰ্বেও দেশী-বিদেশী একাধিক সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৰাচেল গুপ্তাই। ২০২২ চনৰ ২৮ ছেপ্তেম্বৰত পেৰিচত অনুষ্ঠিত ‘মিছ ছুপাৰটেলেণ্টে ছিজন 15’ত অংশগ্ৰহণ কৰিছিল ৰাচেল গুপ্তাই। সেই সময়ত ৰাচেলৰ বয়স আছিল মাত্ৰ ১৮ বছৰ। ইপিনে ২০২৪ৰ মে মাহত ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত ‘মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২৪’ মুকুটো পৰিধান কৰিবলৈ সক্ষম হৈছিল ৰাচেল গুপ্তা। ইতিমধ্যে মিছ টপ মডেলৰ উপশীৰ্ষক বঁটা, বেষ্ট ৰেম্প ৱাক, বিউটি উইথ পাৰপজ আৰু শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় পোছাক বঁটাও লাভ কৰিছে ৰাচেলে। ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় সুন্দৰী ৰাচেল গুপ্তা। প্ৰতিদিনে ধুনীয়া-ধুনীয়া ফটো শ্বেয়াৰ কৰি থাকে ৰাচেলে। ১ মিলিয়নতকৈ অধিক অনুৰাগীয়ে ইনষ্টাগ্ৰামত ফল’ কৰে ৰাচেল গুপ্তাক। ২০ বছৰীয়া ৰাচেল গুপ্তা সম্প্ৰতি জলন্ধৰৰ আৰ্বান ইষ্টেটৰ বাসিন্দা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...