পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ ২ টা দিন

আলোকৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ ২ টা দিন। পোহৰময় হৈ পৰিব বিভিন্ন আলোকসজ্জাৰে সমগ্ৰ ৰাজ্য। সেই পোহৰমুখীতাৰ বাবেই কত’ যে কি চলিছে আয়োজন। শৰতৰ কাতি মাহৰ অমাৱস্যাত পালন কৰা হয় এই উৎসৱ।মাটিৰ চাকি নিৰ্মাণত ব্যস্ত মৃৎ শিল্পীসকল।

বহু ঠাইত পৰম্পৰাগতভাৱে প্ৰস্তুত কৰি থকা হৈছে মাটিৰ চাকি। হাজাৰ হাজাৰ মাটিৰ চাকি প্ৰস্তুত কৰি জীৱিকা উপাৰ্জন কৰা মৃৎ শিল্পীৰ যে এতিয়া সময় নাই। সৰুৰ পৰা ডাঙৰলৈকে সাজি উলিয়াইছে মাটিৰ চাকি। সাজি উলিওৱা মাটিৰ চাকিৰে উজলি উঠিব সকলোৰে আপোন ঘৰখন। দীপাৱলীত মাটিৰ চাকিৰে পোহৰাই তুলিবলৈ দিনে নিশ ই ব্যস্ত বজালীৰ ৰাজাঘাট চাৰালপাৰা গাঁৱৰ প্ৰায় ১৪০টা পৰিয়াল। এই গাঁওখনৰ পৰা গুৱাহাটী, নলবাৰী, তেজপুৰ, বাক্সালৈ প্ৰেৰণ কৰা হয় মাটিৰ চাকি।

অমাৱস্যাৰ নিশা পোহৰেৰে আলোকিত কৰিবলৈ লাহোৱালৰ আলিমূৰত পুৰুষ-মহিলা সকলো ব্যস্ত হৈ পৰিছে মাটিৰ চাকি প্ৰস্তুত কৰাত। কাইলৈ ধনতেৰাচক লৈয়ো ব্যস্ত সকলো। বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰাত গহপুৰৰ বজাৰত ভিৰ গ্ৰাহকৰ। গহপুৰ নগৰৰ বৈকুণ্ঠ বজাৰতো ২ টকাৰ পৰা ২৫০ টকা পৰ্যন্ত মাতিৰ চাকি উপলব্ধ।

ইফালে বাইহাটাতো ব্যস্ততাৰ অন্ত নাইকীয়া মৃৎশিল্পী সকলৰ। আনহাতে দিপাৱলী উপলক্ষে বজাৰত ভিন্নধৰ্মী আতচবাজীৰে ভৰিছে বিপনী। বিভিন্ন নামৰ ফটকা আহিছে বজাৰলৈ। ছুপাৰমেনৰ পৰা আৰম্ভ কৰি ফেচবুকলৈকে ওলাইছে বজাৰত আতচবাজী। বজাৰতো বাঢ়িছে গ্ৰাহকৰ ভিৰ। এনেদৰেই দেশৰ লগতে ৰাজ্যবাসীয়ে উদযাপন কৰিবলৈ সাজু হৈছে আলোক উৎসৱ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...