ট্রান্সজেন্ডাৰ ব্যক্তিৰ ৰাষ্ট্ৰীয় পৰিষদত উত্তৰ-পূৰ্বাঞ্চলক  প্ৰতিনিধিত্ব কৰিব কুইয়াৰ কৰ্মী ঋতুপৰ্ণাই

২০২০ চনত কেন্দ্ৰই বিভিন্ন মন্ত্ৰালয়/বিভাগৰ প্ৰতিনিধি,ট্রান্সজেন্ডাৰ সম্প্ৰদায়ৰ পাঁচগৰাকী প্ৰতিনিধি, এন এইচ আৰ চি আৰু এন চি ডব্লিউৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধি আৰু এন জি অ’সমূহক প্ৰতিনিধিত্ব কৰা বিশেষজ্ঞসকলক লৈ ৰাষ্ট্ৰীয় ট্রান্সজেন্ডাৰ ব্যক্তিৰ পৰিষদ গঠন কৰে। চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত অসমৰ কুইয়াৰ অধিকাৰ কৰ্মী তথা  Nguvu চেঞ্জ লীডাৰ ঋতুপৰ্ণাক উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হয়। পৰিষদৰ আন প্ৰতিনিধিসকলৰ ভিতৰত আছে কল্কী সুব্ৰমণিয়াম (দক্ষিণ অঞ্চল), শ্ৰদ্ধা এ যোশী (পশ্চিম অঞ্চল), বিদ্যা (পূব অঞ্চল), আৰু শোভা ঠাকুৰ (উত্তৰ অঞ্চল)। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰীয়ে অধ্যক্ষ হিচাপে (এক্স -অফিচিঅ’), আৰু কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ  ৰাজ্যিক মন্ত্ৰীয়ে পৰিষদৰ উপাধ্যক্ষ (এক্স -অফিচিঅ) হিচাপে কাম কৰে।

নিযুক্তিৰ পিছত আকাম ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আৰু  সঞ্চালক ঋতুপৰ্ণাই কয়, -“ভাৰতীয় সংবিধানৰ ১৫ নং দফাত ধৰ্ম, জাত পাত, জাতি, লিংগ, জন্মস্থান আদিৰ ভিত্তিত বৈষম্যৰ বিৰুদ্ধে সমতা আৰু সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।  ‘এলজিবিটিকিউআইএ’+ ৰ অন্তৰ্ভুক্তিৰ বিষয়ে বিস্তৃত আলোচনা সত্ত্বেও মোৰ সম্প্ৰদায়ে শিক্ষা আৰু নিয়োগকে ধৰি একাধিক ক্ষেত্ৰত বৈষম্যৰ সন্মুখীন হৈয়েই আছে।

আমাৰ প্ৰধান লক্ষ্য হ’ব  লাগিব তেওঁলোকৰ সমস্যাৰাজিক মূলসুঁতিলৈ অনা, তেওঁলোকৰ কণ্ঠ  শক্তিশালী  কৰা আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষিত হোৱা এখন সমাজ গঢ়ি তোলা।’
ৰাষ্ট্ৰীয় পৰিষদৰ গঠনত কিছুমান উল্লেখযোগ্য প্ৰত্যাহ্বানৰ বিষয়েওঁ তেওঁ আঙুলিয়াই দিয়ে, বিশেষকৈ সদস্যৰ তালিকাৰ ভিতৰত পৰিচয়ৰ প্ৰতি আন্তঃবিভাজনমূলক দৃষ্টিভংগী থকা ট্ৰেন্সমেস্কুলিন ব্যক্তি আৰু মুকলিকৈ আন্তঃলিংগ ব্যক্তিৰ অনুপস্থিতি।

তেওঁৰ মতে, ইয়াৰ ফলত সমাজ কল্যাণমূলক আঁচনিসমূহৰ ক্ষেত্ৰত সম্ভাৱ্য বাধাৰ সৃষ্টি হ’ব পাৰে আৰু সমাজৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত পৰিষদৰ ক্ষমতাত বাধাৰ সৃষ্টি হ’ব পাৰে।

শেহতীয়াকৈ ঋতুপৰ্ণাই Nguvu  কালেকটিভৰ “ছি ক্ৰিয়েটছ চেঞ্জ” কাৰ্যসূচীৰ অধীনত প্ৰশিক্ষণ লাভ কৰি ডিজিটেল কৰ্মী হিচাপে আত্মপ্ৰকাশ কৰি অসমত লিংগ নিৰপেক্ষ শৈক্ষিক স্থান স্থাপনৰ পোষকতা কৰি অনলাইন আবেদন আৰম্ভ কৰিছে। অসমৰ শিক্ষামন্ত্ৰী ৰানোজ পেগুক উদ্দেশ্যি  #NoMoreHolding MyPee ৰ আবেদনত লিংগ নিৰপেক্ষ ৱাশ্বৰুমক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে।

“শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ প্ৰস্ৰাৱগাৰ সমূহত ট্রান্সজেন্ডাৰ সম্প্ৰদায়ে অনুভৱ কৰা অস্বস্তি আৰু মিছজেণ্ডাৰে ড্ৰপআউটৰ হাৰ বৃদ্ধিত অৰিহণা যোগাইছে, যাৰ ফলত এই সমস্যাটো তৎকালীনভাৱে সমাধান কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। অধিক অন্তৰ্ভুক্ত আন্তঃগাঁথনিৰ উপৰিও  লিংগ ৰাজনীতিৰ সূক্ষ্মতাসমূহ বুজিবলৈ মানুহৰ মানসিকতাৰ
ক্ষেত্ৰত আমি এক পৰিৱৰ্তন আনিব লাগিব।

পৰিষদৰ সদস্য হিচাপে মোৰ প্ৰচেষ্টা  হব এলজিবিটিকিউআইএ+ সম্প্ৰদায়ে সন্মুখীন হোৱা কলংক আৰু পক্ষপাতিত্বৰ সমাধান আৰু বিভিন্ন সজাগতা কাৰ্যসূচীৰ জৰিয়তে মানুহক সংবেদনশীল কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা,”-তেও  লগতে কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...