স্পেইন আৰু জাৰ্মানী একেটা গ্ৰুপত, বিশ্বকাপ ফুটবলৰ এইবাৰৰ দাবীদাৰ কোন?

ফিফা বিশ্বকাপ ফুটবলৰ কাউণ্ট ডাউন আৰম্ভ। ফাইনেল ড্ৰত চূড়ান্ত হৈছে কোনটো দল কোনটো গ্ৰুপত থাকিব। সেই অনুসৰি আকৰ্ষণীয় হব এইবাৰৰ খেল। একেটা গ্ৰুপতে থাকিব স্পেইন আৰু জাৰ্মানী। গ্ৰুপ এত থাকিব কাটাৰ, ইকুৱেডৰ, ছেনেগাল আৰু নেডাৰলেণ্ড। ইয়াৰ বিপৰীতে বি গ্ৰুপত থাকিব ইংলেণ্ড, ইৰান, আমেৰিকা আৰু ইউৰো প্লে অফ। গ্ৰপ চিত থাকিব আৰ্জেণ্টিনা, চৌদি আৰৱ, মেক্সিকো আৰু পোলেণ্ড। ইফালে গ্ৰুপ ডিত থাকিব ফ্ৰান্স, ফিফা আই চি প্লে অফ ৱান, ডেনমাৰ্ক আৰু টিউনিছিয়া। গ্ৰুপ ইত থাকিব স্পেইন, আই চি প্লে অফ দুই, জাৰ্মানী আৰু জাপান। ইফালে গ্ৰুপ এফত থাকিব বেলজিয়াম, কানাডা, মৰক্কো আৰু ক্ৰয়েছিয়া। আনহাতে, গ্ৰুপ জিত থাকিব ব্ৰাজিল, চাৰ্বিয়া, ছুইজাৰলেণ্ড আৰু কেমেৰুন। অন্তিমটো গ্ৰুপ এইছত থাকিব পৰ্টুগাল, ঘানা, উৰুগুৱে আৰু কোৰিয়া। উল্লেখ্য যে, চলিত বছৰৰ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ কাটাৰত অনুষ্ঠিত হ’ব বিশ্ব ফুটবলৰ মহাৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...