পৰাজয়ৰ পিছতো পুষ্কৰ সিং ধামিয়েই হ’ব উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী

কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পৰাজিত হোৱাৰ পিছতো পুষ্কৰ সিং ধামিয়েই হ’ব উত্তৰাখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীকে দলৰ বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে। পৰৱৰ্তী ছমাহৰ ভিতৰত অন্য এটা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সুযোগ দিব বিজেপিয়ে। অভিলেখ সৃষ্টি কৰি ২০২১ চনৰ জুলাই মাহত সৰ্বকনিষ্ঠ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিছিল ধামিয়ে। প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ অতি ঘনিষ্ঠ ৰূপে পৰিচিত ধামি উত্তৰাখণ্ডৰ একাদশগৰাকী মুখ্যমন্ত্ৰী। বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ লগে লগে পুষ্কৰ সিং ধামীয়েই পৰৱৰ্তী কাৰ্যকালৰ পথ প্ৰশস্ত হৈ পৰিল। বুধবাৰে ডেৰাডুনত শপতগ্ৰহণ অনুষ্ঠান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...