নীলিম মহন্তক বিনাচৰ্তে মুক্তিৰ দাবী, পেমা খাণ্ডুৰ প্ৰতিমূৰ্তি দাহ

চিত্ৰশিল্পী নীলিম মহন্তক অতি শ্ৰীঘ্ৰে মুক্তিৰ দাবীত অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বান্দৰদেৱাত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। অৰুণাচলৰ মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডুৰ প্ৰতিমূৰ্তি দাহ বান্দৰদেৱাত। অসম অৰুণাচল সীমান্তৰ বান্দৰদেৱাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা সমিতি আৰু কেন্দ্ৰীয় নেতৃত্বৰ সহযোগত প্ৰতিমূৰ্তি দাহ আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্তঃ কৰে। নীলিম মহন্তক শীঘ্ৰে বিনা চৰ্তে মুক্তিৰ দাবি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।

দুদিন পূৰ্বে লখিমপুৰ আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নীলিম মহন্তক। অৰুণাচল প্ৰদেশৰ সচিবালয়ৰ দেৱালত NO MORE DAMS বুলি চিত্ৰাংকন কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল নীলিমক। NHPCৰ বৃহৎ নদীবান্ধৰ তীব্ৰ বিৰোধ কৰি চিত্ৰাংকন কৰিছিল নীলিম মহন্তই। অৰুণাচলৰ ঐতিহ্যৰ গৰিমাত আঘাত হনাৰ অভিযোগ। ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিবাদ গঢ়ি উঠিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...