ৰাষ্ট্ৰপতিক অসন্মান! গুৱাহাটীৰ ৰাজপথত ওলোটাকৈ লাগিল ৰাষ্ট্ৰপতিৰ হ’ৰ্ডিং

গুৱাহাটীৰ ৰাজপথত ওলোটাকৈ লাগিল ৰাষ্ট্ৰপতিৰ হ’ৰ্ডিং। আজি গুৱাহাটীলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। উষ্ম আদৰণিৰ প্ৰস্তুতিৰ মাজতে ৰাষ্ট্ৰপতিক অসন্মান। উল্লেখ্য যে, আই আই টি গুৱাহাটীত কেবাটাও প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে আই আই টি গুৱাহাটীৰ ছুপাৰ কম্পিউটাৰৰ সুবিধা থকা পৰম কামৰূপা উদ্বোধন কৰাৰ লগতে SAMEER নামেৰে এটা উচ্চ ক্ষমতা সম্পন্ন লেবৰটৰী উদ্বোধন কৰিব। ধুবুৰীত নিৰ্মাণ কৰা অসমৰ নৱমখন চিকিৎসা মহাবিদ্যালয়ৰো শুভ উদ্বোধন কৰিব।

ইফালে ডিব্ৰুগড় আৰু জব্বলপুৰত স্থাপন হ’বলগীয়া ৰাষ্ট্ৰীয় ভাইৰ’লজী প্ৰতিস্থানৰো আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে। আই আই টি গুৱাহাটীৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহ সজাই-পৰাই তোলা হৈছে। উল্লেখ্য যে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আগমনক লৈ আই আই টি গুৱাহাটীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...