ৰাষ্ট্ৰপতিক অসন্মান! গুৱাহাটীৰ ৰাজপথত ওলোটাকৈ লাগিল ৰাষ্ট্ৰপতিৰ হ’ৰ্ডিং

গুৱাহাটীৰ ৰাজপথত ওলোটাকৈ লাগিল ৰাষ্ট্ৰপতিৰ হ’ৰ্ডিং। আজি গুৱাহাটীলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। উষ্ম আদৰণিৰ প্ৰস্তুতিৰ মাজতে ৰাষ্ট্ৰপতিক অসন্মান। উল্লেখ্য যে, আই আই টি গুৱাহাটীত কেবাটাও প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে আই আই টি গুৱাহাটীৰ ছুপাৰ কম্পিউটাৰৰ সুবিধা থকা পৰম কামৰূপা উদ্বোধন কৰাৰ লগতে SAMEER নামেৰে এটা উচ্চ ক্ষমতা সম্পন্ন লেবৰটৰী উদ্বোধন কৰিব। ধুবুৰীত নিৰ্মাণ কৰা অসমৰ নৱমখন চিকিৎসা মহাবিদ্যালয়ৰো শুভ উদ্বোধন কৰিব।

ইফালে ডিব্ৰুগড় আৰু জব্বলপুৰত স্থাপন হ’বলগীয়া ৰাষ্ট্ৰীয় ভাইৰ’লজী প্ৰতিস্থানৰো আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে। আই আই টি গুৱাহাটীৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহ সজাই-পৰাই তোলা হৈছে। উল্লেখ্য যে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আগমনক লৈ আই আই টি গুৱাহাটীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...