ভাৰতৰত্ন সন্মানেৰে বিভূষিত লালকৃষ্ণ আদৱানী

ভাৰত ৰত্ন সন্মানেৰে বিভূষিত হ’ল প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী তথা বৰ্ষীয়ান বিজেপি নেতা লালকৃষ্ণ আদৱানী। দেওবাৰে আদৱানীৰ দিল্লীৰ বাসগৃহত উপস্থিত হৈ তেওঁক ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। আদৱানীক ভাৰত ৰত্ন প্ৰদানৰ সময়ত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰাক্তন উপৰাষ্ট্ৰপতি ভেংকায়া নাইডু, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং। ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা টুইটযোগে এই কথা প্ৰকাশ কৰি কোৱা হয় যে লালকৃষ্ণ আদৱানীয়ে নিষ্ঠা আৰু দৃঢ়তাৰে কেইবা দশক ধৰি দেশৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। ভাৰতৰ সমাজ আৰু ৰাজনৈতিক পট পৰিৱৰ্তনৰ ক্ষেত্ৰত আদৱানীৰ ভূমিকা অনস্বীকাৰ্য বুলিও প্ৰকাশ কৰা হয়। উপ প্ৰধানমন্ত্ৰী ৰূপে বা গৃহমন্ত্ৰীৰূপে সংসদীয় ৰাজনীতিত তেওঁৰ পাণ্ডিত্বই সংসদক সমৃদ্ধ কৰাৰ লগতে দেশ আৰু জাতীয়তাবাদক তেওঁ সদায়ে আগস্থান দি আহিছে। উল্লেখ্য যে বৰ্তমানৰ বিজেপিৰ অন্যতম ৰূপকাৰ লালকৃষ্ণ আদৱানীয়ে প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ পিছত ক্ৰমাৎ সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি যায় যদিও এতিয়াও বিজেপিৰ বাবে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰি আহিছে তেওঁ।

ভাৰতৰত্ন সন্মানেৰে বিভূষিত লালকৃষ্ণ আদৱানী
বাসগৃহত আদৱানীক ভাৰতৰত্ন প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ
‘কেইবা দশক ধৰি নিষ্ঠাৰে দেশ সেৱা কৰি আহিছে আদৱানীয়ে’
‘সমাজ, ৰাজনৈতিক পট পৰিৱৰ্তনতো আদৱানীৰ ভূমিকা অনস্বীকাৰ্য’
‘সংসদীয় ৰাজনীতিত আদৱানীৰ পাণ্ডিত্যই সমৃদ্ধ কৰিছে সংসদক’
‘অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদী, উপৰাষ্ট্ৰপতি ধনখড়

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...