ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অহা ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব এই বহু প্ৰতীক্ষিত ৰাম মন্দিৰ। ইতিমধ্যে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক এই উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। সমগ্ৰ অযোধ্যা চহৰখনেই এতিয়া জয়শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈ পৰিছে। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে অযোধ্যাৰ অলিয়ে–গলিয়ে দেখিবলৈ পোৱা গৈছে ভগৱান ৰামচন্দ্ৰৰ মূৰ্তি আৰু ৰাম মন্দিৰৰ লগতে অন্যান্য সামগ্ৰী।

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ
নতুন ৰূপত গঢ়ি তোলা হৈছে সমগ্ৰ অযোধ্যা চহৰ
ইতিমধ্যে অযোধ্যালৈ আগমন ঘটিছে পৰ্যটকৰ
ৰাম মন্দিৰক লৈ অযোধ্যাত বৃদ্ধি পাইছে ব্যৱসায়িক তৎপৰতাও

সম্পূৰ্ণ নতুন ৰূপ ধাৰণ কৰিছে উত্তৰপ্ৰদেশৰ অযোধ্যা চহৰে। অহা ২২ জানুৱাৰীত মুকলি কৰা হ’ব অযোধ্যাৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰ। ইতিমধ্যে দেশ–বিদেশৰ বহু বিশিষ্ট ব্যক্তিক আমন্ত্ৰন জনোৱা হৈছে এই অনুষ্ঠানলৈ। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে উত্তৰপ্ৰদেশ চৰকাৰে গ্ৰহণ কৰিছে বিশেষ নিৰাপত্তা ব্যৱস্থা। ইয়াৰ সমান্তৰালভাৱে ভক্তসকলৰ সুবিধাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে। ভক্তসকলে মন্দিৰত কেনেদৰে প্ৰৱেশ কৰিব পাৰিব আৰু কি কি সামগ্ৰী লৈ মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব সেই সন্দৰ্ভত ইতিমধ্যে স্পষ্ট নিৰ্দেশনা জাৰি কৰিছে স্থানীয় প্ৰশাসনে।

অযোধ্যাৰ উদ্বোধনী অনুষ্ঠানলৈ তিৰুপতিৰ মন্দিৰৰ পৰা অনা হ’ব প্ৰসাদ
অতিথিসকলৰ মাজত বিতৰণ কৰা হ’ব ভেংকটেশ্বৰ মন্দিৰৰ ২ লক্ষাধিক লাড়ু
অযোধ্যালৈ প্ৰেৰণ কৰা প্ৰতিটো লাড়ুৰ ওজন হ’ব ২৫ গ্ৰাম
ভগৱান ৰামৰ বাবে গুজৰাটৰ সোমনাথৰ পৰা অনা হৈছে সোণৰ পাদুকা
অযোধ্যাৰ সৌন্দৰ্য বৰ্ধনৰ বাবে ৰোপণ কৰা হৈছে গছ-গছনি

অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত লক্ষাধিক লোক সমবেত হোৱাৰ আশা কৰা হৈছে। এই আমন্ত্ৰিত অতিথি সকলৰ বাবে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি ভেংকটেশ্বৰ মন্দিৰৰ পৰা বিশেষভাবে প্ৰস্তুত কৰা ২ লক্ষাধিক লাড়ু অনা হৈছে। আনহাতে ভগৱান ৰামৰ বাবে গুজৰাটৰ সোমনাথৰ পৰা অনা হৈছে সোণ আৰু ৰূপেৰে নিৰ্মিত বিশেষ পাদুকা। ইয়াৰ উপৰি ৰাজস্থানৰ জয়পুৰৰ পৰা ইতিমধ্যে অযোধ্যালৈ অনা হৈছে ৫১ ইন্সি উচ্চতাৰ ৰামলালাৰ মূৰ্তি। অহা ২২ জানুৱাৰীৰ বাবে অযোধ্যাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ৰাম মন্দিৰ উদ্বোধনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উত্তৰপ্ৰদেশ চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...