ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অহা ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব এই বহু প্ৰতীক্ষিত ৰাম মন্দিৰ। ইতিমধ্যে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক এই উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। সমগ্ৰ অযোধ্যা চহৰখনেই এতিয়া জয়শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈ পৰিছে। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে অযোধ্যাৰ অলিয়ে–গলিয়ে দেখিবলৈ পোৱা গৈছে ভগৱান ৰামচন্দ্ৰৰ মূৰ্তি আৰু ৰাম মন্দিৰৰ লগতে অন্যান্য সামগ্ৰী।

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ
নতুন ৰূপত গঢ়ি তোলা হৈছে সমগ্ৰ অযোধ্যা চহৰ
ইতিমধ্যে অযোধ্যালৈ আগমন ঘটিছে পৰ্যটকৰ
ৰাম মন্দিৰক লৈ অযোধ্যাত বৃদ্ধি পাইছে ব্যৱসায়িক তৎপৰতাও

সম্পূৰ্ণ নতুন ৰূপ ধাৰণ কৰিছে উত্তৰপ্ৰদেশৰ অযোধ্যা চহৰে। অহা ২২ জানুৱাৰীত মুকলি কৰা হ’ব অযোধ্যাৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰ। ইতিমধ্যে দেশ–বিদেশৰ বহু বিশিষ্ট ব্যক্তিক আমন্ত্ৰন জনোৱা হৈছে এই অনুষ্ঠানলৈ। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে উত্তৰপ্ৰদেশ চৰকাৰে গ্ৰহণ কৰিছে বিশেষ নিৰাপত্তা ব্যৱস্থা। ইয়াৰ সমান্তৰালভাৱে ভক্তসকলৰ সুবিধাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে। ভক্তসকলে মন্দিৰত কেনেদৰে প্ৰৱেশ কৰিব পাৰিব আৰু কি কি সামগ্ৰী লৈ মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব সেই সন্দৰ্ভত ইতিমধ্যে স্পষ্ট নিৰ্দেশনা জাৰি কৰিছে স্থানীয় প্ৰশাসনে।

অযোধ্যাৰ উদ্বোধনী অনুষ্ঠানলৈ তিৰুপতিৰ মন্দিৰৰ পৰা অনা হ’ব প্ৰসাদ
অতিথিসকলৰ মাজত বিতৰণ কৰা হ’ব ভেংকটেশ্বৰ মন্দিৰৰ ২ লক্ষাধিক লাড়ু
অযোধ্যালৈ প্ৰেৰণ কৰা প্ৰতিটো লাড়ুৰ ওজন হ’ব ২৫ গ্ৰাম
ভগৱান ৰামৰ বাবে গুজৰাটৰ সোমনাথৰ পৰা অনা হৈছে সোণৰ পাদুকা
অযোধ্যাৰ সৌন্দৰ্য বৰ্ধনৰ বাবে ৰোপণ কৰা হৈছে গছ-গছনি

অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত লক্ষাধিক লোক সমবেত হোৱাৰ আশা কৰা হৈছে। এই আমন্ত্ৰিত অতিথি সকলৰ বাবে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি ভেংকটেশ্বৰ মন্দিৰৰ পৰা বিশেষভাবে প্ৰস্তুত কৰা ২ লক্ষাধিক লাড়ু অনা হৈছে। আনহাতে ভগৱান ৰামৰ বাবে গুজৰাটৰ সোমনাথৰ পৰা অনা হৈছে সোণ আৰু ৰূপেৰে নিৰ্মিত বিশেষ পাদুকা। ইয়াৰ উপৰি ৰাজস্থানৰ জয়পুৰৰ পৰা ইতিমধ্যে অযোধ্যালৈ অনা হৈছে ৫১ ইন্সি উচ্চতাৰ ৰামলালাৰ মূৰ্তি। অহা ২২ জানুৱাৰীৰ বাবে অযোধ্যাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ৰাম মন্দিৰ উদ্বোধনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উত্তৰপ্ৰদেশ চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...