ফাকুৱা খেলাৰ সময়ত কিয় সাৱধান হ’ব লাগে?

ৰঙৰ উৎসৱ ফাকুৱাত ব্যৱহৃত ৰং আছিল প্ৰকৃতিৰ পৰা আহৰণ কৰা ঔষধি গুণসম্পন্ন। পলাশ ফুল, জেতুকা, বেলফুল, হালধি, কুমকুম আদিৰ পৰা ৰং আহৰণ কৰি, তাৰ লগত চূণ জাতীয় খাৰ মিহলাই ৰং প্ৰস্তুত কৰা হৈছিল। যিবোৰে শৰীৰৰ ক্ষতি সাধন নকৰে। ক্ৰমে ক্ৰমে কেঁচামালৰ নাটনি, সহজে পোৱা ৰঙৰ বাবে প্ৰাকৃতিক ৰঙৰ সলনি বৰ্তমান ফাকুৱাত ব্যৱহাৰ হয় ৰাসায়নিক দ্ৰব্য। ৰং জিলিকিবলৈ শৰীৰৰ অপকাৰী মাইকা ব্যৱহাৰ কৰা হয়। মূল ৰঙৰ বাবে মাৰকিউৰিক অক্সাইড, মাৰকিউৰিক ছালফাইড, সেউজীয়াৰ বাবে কপাৰ ছালফেট, গুলপীয়াৰ বাবে ৰডামাইন, বেঙুনীয়াৰ বাবে ক্ৰমিয়াম আয়’ডাইড আদি ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। অসাধু ব্যৱসায়ীৰ দ্বাৰা উৎপাদিত ৰঞ্জক আৰু ৰাসায়নিক বিবিধ ধাতৱ কণিকা মিশ্ৰিত এনে ফাকুৱাই শৰীৰৰ অনিষ্ট সাধন কৰে। শৰীৰৰ বৃহৎ বাহ্যিক অংশ, যেনে – চৰ্ম বা ছাল, নখ, চুলি, চকুত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে। এনে ৰাসায়নিক মিশ্ৰিত ফাকুৱাৰ পৰা ৬০ শতাংশ লোক খজুৱতিত ভোগে। ইয়াৰ উপৰি ছালৰ ৰুক্ষতা, ৰঙা পৰা, ঘাঁ লগা ইত্যাদি হয়। ৰাসায়নিক পদাৰ্থৰ বিৰূপতাৰ বাবে ছালৰ সৰ্বাধিক ক্ষতি হয়। ফাকুৱাৰ ৰঙে চুলিৰ স্বাভাৱিক ৰং বিনষ্ট কৰি চুলিক দুৰ্বল কৰি তোলে। ফলত অনায়াসে চুলি সৰা, চুলি ফটা আদি ৰোগৰ সৃষ্টি হয়। চুলিৰ গুৰিত ৰং সোমাই থাকিলে চুলিৰ স্বাভাৱিকতা একেবাৰে নষ্ট কৰে। ফাকুৱাৰ ৰঙৰ এলাৰ্জিৰ বাবে চকু ফুলি উঠা, কেতিয়াবা অসাৱধনাতাৰ ফলত চকুত ফাকুৱা সোমালে চকু নষ্ট হোৱা দেখা যায়। নখৰ গুৰিত ফাকুৱা জমা হৈ থাকিলে নখৰ ভিন ভিন ৰোগ হোৱা দেখা যায়। গতিকে ফাকুৱা খেলিবলৈ যোৱাৰ পূৰ্বে কিছু সাৱধানতা লব লাগে। ফাকুৱা খেলিবলৈ যোৱাৰ পূৰ্বে দেহত ক্ৰীম, নাৰিকল তেল বা পেট্ৰ’লিয়াম জেল সানিব লাগে। মুখমণ্ডলতে বেছিকৈ প্ৰভাৱ পৰে বাবে মুখত ছানস্ক্ৰীণ সানি তাৰ ওপৰত তেলজাতীয় ক্ৰীম সানিব লাগে। তৈলাক্ত ক্ৰীম সানিলে ছালৰ ভিতৰলৈ ফাকুৱা সোমাব নোৱাৰে। ফাকুৱা খেলাৰ পাছত বোৱতী পানীত লাহে লাহে গা ধুব লাগে। ৰং আঁতৰাবলৈ স্পিৰিট, কেৰাচিন, পেট্ৰ’ল আদি ব্যৱহাৰ কৰিব নালাগে। গা ধোৱাৰ সময়ত জোৰ-জুলুমভাৱে ঘঁহা একেবাৰে অনুচিত। গাত ঘাঁ হৈ থাকিলে পৰাপক্ষত ফাকুৱাৰ ৰং নোলোৱাই ভাল। খেলি থাকোঁতে এলাৰ্জিৰ দৰে বা অস্বস্তিকৰ ভাৱ হ’লে তৎক্ষণাৎ গা ধোৱা উচিত। চুলিৰ বাবে টুপী পৰিধান কৰাটো খুবেই প্ৰয়োজনীয়। চকুৰ পতা, কাণৰ পিছফাল বৰ অলসতাৰে চাফ-চিকুণ কৰিব লাগে। নখ, হাত-ভৰিৰ আঙুলিৰ ফাঁক ভালদৰে পৰিষ্কাৰ কৰিব লাগে। ধোৱাৰ পাছত টেঙাজাতীয় দ্ৰব্যৰে ঘঁহিব লাগে। অতি প্ৰয়োজনীয় কথাটো হ’ল ৰাসায়নিক দ্ৰব্য সংমিশ্ৰিত ফাকুৱাতকৈ জৈৱিকভাৱে উৎপাদিত ফাকুৱাতহে গুৰুত্ব দিব লাগে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...