আলফা স্বাধীনৰ দুই লিংকমেন আৰক্ষীৰ জালত

আলফা স্বাধীনত যোগদানৰ ঢৌ উঠাৰ সময়তে সোণাৰিত দুজনকৈ আলফা স্বাধীনৰ সক্ৰিয় লিংকমেন আটক কৰে আৰক্ষীয়ে। আটকাধীন যুৱকদ্বয় সাপেখাতিৰ ধুনীয়া পথাৰৰ দেৱজিৎ ভূঞা আৰু ১ নং হাওঁফাওঁৰ মিঠু বৰুৱা। আলফা স্বাধীনৰ সদস্যৰ লগত যোগাযোগ ৰখাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে দুয়োজনকে।‌ সম্প্ৰতি সোণাৰি থানাত সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। মন কৰিবলগীয়া যে বিগত কেইটামান দিনত আলফা স্বাধীনৰ কাৰ্যকলাপ অধিক সক্ৰিয় হৈ উঠাৰ লগতে ৰাজ্যৰ বহুকেইগৰাকী যুৱক-যুৱতীয়ে সংগঠনটোত যোগদানৰ খবৰ পোহৰলৈ আহিছে। তেনে সময়তে আজি আলফা স্বাধীনৰ সদস্যৰ লগত যোগাযোগ ৰখাৰ সন্দেহত দুই যুৱকক আটক কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...