আলফা স্বাধীনৰ দুই লিংকমেন আৰক্ষীৰ জালত

আলফা স্বাধীনত যোগদানৰ ঢৌ উঠাৰ সময়তে সোণাৰিত দুজনকৈ আলফা স্বাধীনৰ সক্ৰিয় লিংকমেন আটক কৰে আৰক্ষীয়ে। আটকাধীন যুৱকদ্বয় সাপেখাতিৰ ধুনীয়া পথাৰৰ দেৱজিৎ ভূঞা আৰু ১ নং হাওঁফাওঁৰ মিঠু বৰুৱা। আলফা স্বাধীনৰ সদস্যৰ লগত যোগাযোগ ৰখাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে দুয়োজনকে।‌ সম্প্ৰতি সোণাৰি থানাত সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। মন কৰিবলগীয়া যে বিগত কেইটামান দিনত আলফা স্বাধীনৰ কাৰ্যকলাপ অধিক সক্ৰিয় হৈ উঠাৰ লগতে ৰাজ্যৰ বহুকেইগৰাকী যুৱক-যুৱতীয়ে সংগঠনটোত যোগদানৰ খবৰ পোহৰলৈ আহিছে। তেনে সময়তে আজি আলফা স্বাধীনৰ সদস্যৰ লগত যোগাযোগ ৰখাৰ সন্দেহত দুই যুৱকক আটক কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...