দুই নেতাৰ খোৱা-কামোৰাত পৰি ৰৈছে ১০০ কোটিটকীয়া আৱাস

প্ৰায় এশ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কেইটামান আৱাস। বিটিচিৰ চীফ হৈ থকাৰ সময়ত আৱাসকেইটা নিৰ্মাণ কৰিছিল হাগ্ৰামা মহিলাৰীয়ে। BTRৰ চীফ, ডেপুটি চীফ, স্পীকাৰ, ডেপুটি স্পীকাৰ থাকিবলৈ নিৰ্মাণ কৰা আৱাস এতিয়া ভূত বাংলালৈ পৰ্যবসিত হৈছে। কাৰণ প্ৰমোদ বড়োৱে গ্ৰহণ কৰা নাই হাগ্ৰামাই নিৰ্মাণ কৰা কোৱাটাৰ।

হাবিৰ মাজত কেইটামান কোটিটকীয়া ঘৰ
দুই নেতাৰ খোৱা-কামোৰাত পৰি ৰৈছে ১০০ কোটিটকীয়া আৱাস
হাগ্ৰামাই নিৰ্মাণ কৰা গৃহ
গ্ৰহণ নকৰে প্ৰমোদ বড়োৱে

কোকৰাঝাৰৰ বডোফা নগৰত থকা বি টি চি সচিবালয় প্ৰাংগনত নিৰ্মাণ কৰা হৈছিল সাতটা আৱাস। বি টি চিৰ চীফ, ডেপুটি চীফ, স্পীকাৰ, ডেপুটি স্পীকাৰ, বিৰোধী দলৰ নেতা , সচিব আৰু ই এমসকলৰ বাবে নিৰ্মাণ কৰা হৈছিল আৱাসকেইটা। হাগ্ৰামা মহিলাৰী চৰকাৰৰ সময়ত নিৰ্মাণ কৰা আৱাসকেইটাৰ বাবে
ব্যয় কৰা হৈছিল প্ৰায় এশ কোটি টকা। নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হ’ল কিন্তু প্ৰমোদ বড়ো আৰু ইউ পি পি এলৰ কোনো সদস্যই এই আৱাস গ্ৰহণ কৰা নাই। সেয়ে আৱাসকেইটা এতিয়া হাবি-জংঘলে ছানি ধৰিছে। এক প্ৰকাৰ ভূত বাংলাত পৰিণত হৈছে ঘৰকেইটা।
চোৰ সোমায়
লৈ যায় সা-সামগ্ৰী

কেৱল কোৱাৰ্টাৰে নহয় জেডি ৰোডস্থিত CHD বিল্ডিঙকো এতিয়াও গ্ৰহণ কৰা নাই বৰ্তমানৰ চৰকাৰে।
হাগ্ৰামা মহিলাৰীৰ মন্তব্য, প্ৰমোদ বড়োৱে নিজে নিৰ্মাণ কৰা নাই বাবে গ্ৰহণ কৰা নাই আৱাস।
নতুন গেষ্ট হাউছ নিৰ্মাণ কৰি প্ৰমোদ বড়ো ব্যস্ত ধন আত্মসাৎ কৰাত। একেটা বিষয়ক লৈ প্ৰতিক্ৰিয়া বি পি এফৰ প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম। হাগ্ৰামাই দুৰদৰ্শী চিন্তাৰে ভূমি ক্ৰয় কৰি কোৱাৰ্টাৰসমূহ নিৰ্মাণ কৰিছিল। সেয়ে প্ৰমোদ বড়োৱে গ্ৰহণ কৰিব লাগে। ১০০ কোটি ব্যয়েৰে নিৰ্মাণ কৰা ঘৰ এনেকৈ পৰি আছে। এয়া প্ৰমোদ বড়োৰ অহংকাৰৰ প্ৰতিফলন নেকি? চৰ্চা চলিছে BTRত।

NKTV Digital
Author: NKTV Digital

3 COMMENTS

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...