নেহৰুৰ ঐতিহাসিক ভুলৰ বাবে ভাৰতে হেৰুৱাবলগীয়া হৈছিল PoK

‘পাক অধিকৃত কাশ্মীৰ (PoK) আমাৰ হয়’
লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্য
শ্বাহৰ মন্তব্যৰ পিছতে দেশৰ ৰাজনীতি উত্তাল
জম্মু-কাশ্মীৰ বিধানসভাত PoKৰ বাবেও সংৰক্ষিত ২৪খন আসন

কাশ্মীৰক লৈ আমি ভাৰতীয়সকলে যিখন মানচিত্ৰ আঁকোঁ, সেইখন প্ৰকৃততে সঠিক নহয়। কাৰণ কাশ্মীৰৰ মানচিত্ৰৰ যি ৰূপ আমি আঁকোঁ, তাৰ অৰ্ধেক অংশই প্ৰকৃততে ভাৰতৰ দখলৰ বাহিৰত আছে। কাশ্মীৰৰ পূব দিশত প্ৰায় ৩৮ হাজাৰ বৰ্গকিলোমিটাৰজোৰা এক বিশাল এলেকা চীনৰ দখলত আছে, যিখন জনা যায় Aksai Chin বুলি। ইফালে পশ্চিম প্ৰান্তত প্ৰায় ১৩,২৯৭ বৰ্গকিলোমটাৰৰ এক বিস্তৃত এলেকা পাকিস্তানৰ দখলত আছে।

পাকিস্তান অধিকৃত এই কাশ্মীৰক ‘আজাদ কাশ্মীৰ’ বুলিও জনা যায়
১৯৪৭ চনত পাকিস্তানে দখল কৰিছিল কাশ্মীৰৰ বিশাল এলেকা

ভাৰত স্বাধীন হোৱাৰ সময়ত মহাৰাজা হৰিসিঙৰ অধীনত থকা কাশ্মীৰৰ পশ্চিমাংশত একাংশ জনগোষ্ঠীয় ইছলামধৰ্মী লোকে আৰম্ভ কৰা বিদ্ৰোহ বাধা দিবলৈ হৰিসিঙে ভাৰতৰ লগত এক চুক্তি কৰে। সেই চুক্তিৰ ফলস্বৰূপে জম্মু আৰু কাশ্মীৰ ভাৰতৰ অন্তৰ্গত হয় যদিও এক বিশাল অংশ পাকিস্তানৰ অধীনত থাকি যায়। এই পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংশ বুলি সংসদৰ মজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰবাৰ ঘোষণা কৰে।

এই মৰ্মে সংসদত অমিত শ্বাহে উত্থাপন কৰে দুখনকৈ বিধেয়ক
জম্মু-কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক, ২০২৩ উত্থাপন
লোকসভাত উত্থাপন হ’ল জম্মু-কাশ্মীৰ পুনৰ্বিন্যাস বিধেয়ক
এই মৰ্মে জম্মু-কাশ্মীৰ বিধানসভাত PoKৰ বাবে ২৪খন আসন সংৰক্ষণৰ ব্যৱস্থা
অমিত শ্বাহৰ ঘোষণাক হৰ্ষোল্লাসেৰে আদৰণি বিজেপি সাংসদৰ

বিধেয়কখনৰ জৰিয়তে জম্মু-কাশ্মীৰ বিধান সভাত বৃদ্ধি কৰা হৈছে সমষ্টিৰ সংখ্যা। জম্মু এলেকাৰ সমষ্টিৰ সংখ্যা পূৰ্বৰ ৩৭টাৰ পৰা ৪৩লৈ হ’ব বৃদ্ধিৰ প্ৰস্তাৱ কৰা হৈছে। সেইদৰে বিধেয়কখন গৃহীত হ’লে কাশ্মীৰ এলেকাৰ সমষ্টিৰ সংখ্যা ৪৬টাৰ পৰা ৪৭টালৈ বৃদ্ধি পাব। মনোনীত সদস্যৰ সংখ্যা পূৰ্বৰ ২ৰ পৰা ৫টালৈ বৃদ্ধি পাব। তদুপৰি কাশ্মীৰৰ পৰা দুগৰাকী আৰু PoKৰ পৰা থাকিব এগৰাকী মনোনীত সদস্য।

জম্মু-কাশ্মীৰ বিধানসভাত পূৰ্বৰ ১০৭টাৰ পৰিৱৰ্তে ১১৪টা সমষ্টিৰ প্ৰস্তাৱ
PoK সৃষ্টিৰ ক্ষেত্ৰত তদানীন্তন প্ৰধানমন্ত্ৰী নেহৰুৰ ভূমিকাক সমালোচনা শ্বাহৰ
নেহৰুৰ ঐতিহাসিক ভুলৰ বাবে ভাৰতে হেৰুৱাবলগীয়া হৈছিল PoK

অমিত শ্বাহে কৰা নেহৰু সমালোচনাত কংগ্ৰেছ সংসদীয় দলৰ দলপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে বিৰোধিতা কৰিছে। অৱশ্যে জম্মু আৰু কাশ্মীৰত নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰিব সেই বিষয়ে কোনো ঘোষণা নকৰিলেও লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অমিত শ্বাহৰ এই ঘোষণা স্বাভাৱিকতে যে ভোটাৰৰ মন জয় কৰিব সেয়া নিশ্চিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...