কন্যাকুমাৰীত ধ্যানত বহিছে প্ৰধানমন্ত্ৰী মোদী

কন্যাকুমাৰীত ধ্যানত বহিছে প্ৰধানমন্ত্ৰী মোদী। নিৰ্বাচনী ব্যস্ততাৰ শেষত বিবেকানন্দ শৈল স্মাৰকত ধ্যানত বহিছে প্ৰধানমন্ত্ৰীয়ে। শেষ পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰাৰ পিছতে ধ্যান ভংগ কৰিব প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ ধ্যানক লৈ বিৰোধীৰ তীব্ৰ প্ৰতিক্ৰিয়া। এয়া ধ্যান নহয়, প্ৰধানমন্ত্ৰীৰ প্ৰকাৰন্তে নিৰ্বাচনী প্ৰচাৰহে।

৪৫ ঘণ্টীয়া ধ্যানত প্ৰধানমন্ত্ৰী মোদী
গেৰুৱা বসন, হাতত ৰুদ্ৰাক্ষ মালা
স্বামী বিবেকানন্দৰ মূৰ্তিৰ সন্মুখত ধ্যান
বৃহস্পতিবাৰে সন্ধিয়া ৬.৪৫ পৰা ধ্যানত বহিছে মোদী
১ জুনৰ সন্ধিয়া অন্ত পৰিব ধ্যানৰ
মোদীয়ে পান কৰিব কেৱল নাৰিকলৰ পানী, আঙুৰৰ ৰস
প্ৰধানমন্ত্ৰী ধ্যানক ‘নাটক’ আখ্যা বিৰোধীৰ
মোদীৰ ‘মিছা ধ্যান’ৰ প্ৰভাৱ দেশত নপৰে!

৪৫ ঘণ্টীয়া ধ্যানত প্ৰধানমন্ত্ৰী মোদী

গেৰুৱা বসন, হাতত ৰুদ্ৰাক্ষ মালা
স্বামী বিবেকানন্দৰ মুৰ্তিৰ সন্মুখত ধ্যানত মোদী

এয়া আৰৱ সাগৰ, বংগোপ সাগৰ আৰু ভাৰত মহাসাগৰৰ ত্ৰিবেণী সংগমত থকা স্বামী বিবেকানন্দ শৈল স্মাৰক। কেউফালে সাগৰৰ উত্তাল তৰংগ। অথচ শান্ত সমাহিত এক পৰিৱেশ।

ইয়াতে ধ্যানমণ্ডপমত ধ্যানত বহি আছে প্ৰধানমন্ত্ৰী
ওম ধ্বনিৰে গহীন কৰি ৰখা স্বামী বিবেকানন্দ শৈল স্মাৰকত মোদী বৰ্তমান ধ্যানত। পুৱা এটা পৰ্যায়ৰ ধ্যানৰ অন্তত শিৱ–সূৰ্যৰ আৰাধনা কৰিলে প্ৰাধানমন্ত্ৰীয়ে।

বৃহস্পতিবাৰে বিয়লি তামিলনাডুৰ কন্যাকুমাৰীত উপস্থিত হয় গৈ প্ৰধানমন্ত্ৰী। লোকসভা নিৰ্বাচনৰ শেষ পৰ্যায়ৰ প্ৰচাৰ শেষ কৰি প্ৰধানমন্ত্ৰী কন্যাকুমাৰীত উপস্থিত হৈ ভাগৱতী আম্মান মন্দিৰত পূজা আগবঢ়ায়। তাৰপিছত শুভ্ৰ সাজ, ডিঙিত মালা পিন্ধি প্ৰৱেশ কৰে বিবেকানন্দ শৈল স্মাৰকত।

বৃহস্পতিবাৰে সন্ধিয়া ৬.৪৫ পৰা ধ্যানত বহে প্ৰধানমন্ত্ৰী
১ জুনৰ সন্দিয়া অন্ত পৰিব ধ্যানৰ
৪৫ ঘণ্টাত মোদীয়ে পান কৰিব কেৱল নাৰিকলৰ পানী, আঙুৰৰ ৰস

এই সময় চোৱাত ধ্যানমণ্ডপমৰ পৰা বাহিৰলৈ নোলাই প্ৰধানমন্ত্ৰী মোদী। যি স্থানত প্ৰাধানমন্ত্ৰী ধ্যানত বহিছে সেই স্থানতে ১৩১ বছৰৰ পূৰ্বে তিনি দিনীয়া ধ্যানত বহিছিল স্বামী বিবেকানন্দ। এতিয়া স্বামী বিবেকানন্দৰ মুৰ্তিৰ সন্মুখত ধ্যানত মোদী। এই বিবেকানন্দ শৈল স্মাৰকৰ সৈতে মোদীৰ ৩৩ বছৰীয়া সম্পৰ্ক।

১৯৯১ চনত মুৰলী মনোহৰ যোশী নেতৃত্বত আৰম্ভ হৈছিল ‘একতা যাত্ৰা’
বিজেপিৰ কৰ্মী হিচাপে ‘একতা যাত্ৰা’ৰ সৈতে মোদী জড়িত হৈ আছিল

৩৩ বছৰৰ পিছত একত্ৰনিৰ্বাসৰ স্থান মোদীয়ে বাচি ল’লে বিবেকানন্দ শৈল স্মাৰক। কিন্তু

প্ৰধানমন্ত্ৰী ধ্যানক নাটক আখ্যা বিৰোধীৰ
মোদীৰ মিছা ধ্যানৰ প্ৰভাৱ দেশত নপৰে

পূৰ্বৰে পৰা প্ৰধানমন্ত্ৰীৰ ধ্যান কাৰ্যসূচীক লৈ বিৰোধীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ পিছতো সাগৰৰ বুকুৰ পৰা প্ৰচাৰ চলাই থকাৰ কৌশলহে মোদীয়ে লোৱা বুলি অভিযোগ উঠিছিল।

NKTV Digital
Author: NKTV Digital

3 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...