সমগ্ৰ শিক্ষা ধেমাজিৰ উদ্যোগত ইংৰাজী ভাষা শিক্ষণ বিকাশৰ বাবে জলি ফনিকছৰ প্ৰশিক্ষণ

প্ৰাথমিক বিদ্যালয়সমূহত ইংৰাজী ভাষা শিক্ষণ বিকাশৰ বাবে ‘জলি ফনিকছ’ শীৰ্ষক ইংৰাজী ভাষা উন্নয়ন কাৰ্যসূচীৰ জিলা পৰ্যায়ৰ অনাবাসিক প্ৰশিক্ষণ মৰিঢল মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয়। নিপুণ অসম (এফ এল এন)ৰ জিলা প্ৰলোচক ৰশ্মি দলেই আঁত ধৰা এই প্ৰশিক্ষণৰ উদ্বোধনী সভাত ধেমাজি জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) ডঃ সঞ্জীব কুমাৰ ফুকন, ধেমাজি জিলাৰ বিদ্যাল়য় সমূহৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা সমগ্র শিক্ষা ধেমাজিৰ জিলা মিছন সমন্বয়ক বিতুপন হাজৰিকা, মৰিঢল মহাবিদ্যালয়ৰ উপাধ্যক্ষ গুণাভিৰাম গগৈ, মহাবিদ্যালয়ৰে শিক্ষা বিভাগৰ সহযোগী অধ্যাপক ডঃ লেখন গগৈ, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) ধেমাজিৰ প্ৰবক্তা ইন্দ্ৰজিৎ গাম, ডিপিঅ’ টিটি আৰুমিনা দুৱৰা, ধেমাজি আৰু বৰদলনি শিক্ষা খণ্ডৰ বিআৰপি কনক গগৈ, ৰূপশিখা গগৈ, মুকুল সূত আৰু প্ৰণতি দেৱী উপস্থিত থাকে।

৩১ মে’ আৰু ১ জুনত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই প্ৰশিক্ষণত জিলাখনৰ সৰ্বমুঠ ১০০ গৰাকী শিক্ষকক জলি ফনিকছ লিমিটেডৰ ৰাষ্ট্ৰীয় সমল ব্যক্তি লীনা নেঞ্চি আৰু দীপ্তি শ্বাহে প্ৰশিক্ষণ প্ৰদান কৰে।


উল্লেখযোগ্য যে, ‘জলি ফনিকছ’ হৈছে এটা জনপ্ৰিয় কাৰ্যসূচী যি শিশুসকলক পদ্ধতিগত, ধ্বনিবিজ্ঞানৰ পদ্ধতি ব্যৱহাৰ কৰি কেনেকৈ পঢ়িব আৰু লিখিব লাগে শিকাবলৈ ব্যৱহাৰ কৰা হয়। এই কাৰ্যসূচী সজীৱ আৰু আকৰ্ষণীয় পদ্ধতিৰ বাবে পৰিচিত, ইয়াত শিশুসকলক ধ্বনিবিজ্ঞানৰ শব্দ শিকিবলৈ সহায় কৰিবলৈ ক্ৰিয়া, গীত আৰু কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে। শিক্ষকসকলে ইয়াক প্ৰায়ে প্ৰাথমিক সাক্ষৰতা বিকাশৰ বাবে ফলপ্ৰসূ বুলি বিবেচনা কৰে। এই কাৰ্য্যসূচীৰ অধীনত আৰু ১০০গৰাকী শিক্ষকক অহা ৩ আৰু ৪ জুনত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতত অব্যাহত মূল্যবৃদ্ধিৰ চাপ; আগষ্টত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি ৯.৯২ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্যভিত্তিক মুদ্ৰাস্ফীতি আগষ্ট মাহত বৃদ্ধি পাই ৯.৯২...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...