প্ৰেমিক অৰ্জুন কাপুৰেৰে বিচ্ছেদ মালাইকাৰ

বেয়া দিন চলিছে অভিনেত্ৰী মালাইকা অৰোৰাৰ

মালাইকাৰে বিচ্ছেদৰ পাছতে দ্বিতীয় বিবাহত আৱদ্ধ হ’ল স্বামী আৰবাজ খান। বিবাহ বিচ্ছেদৰ ৭ বছৰৰ পাছত দ্বিতীয় বিবাহত আৱদ্ধ হল আৰবাজ খান। এইবাৰ প্ৰেমিক অৰ্জুন কাপুৰেও এৰিলে মালাইকা অৰোৰাক। সম্প্ৰতি আন এগৰাকী যুৱতীৰে প্ৰেমৰ সম্পৰ্ক অৰ্জুন কাপুৰৰ। অৰ্জুন-মলাইকাৰ একাধিক ঘনিষ্ঠ সূত্ৰই সংবাদ মাধ্যমক জনাইছে দুয়োৰে বিচ্ছেদৰ খবৰ।

বুজাবুজিৰ মাজেৰেই বিচ্ছেদৰ পথ বাছি লৈছে দুয়ো
সন্মান সহকাৰে আঁতৰি আহিছে ইজনে-আনজনৰ পৰা

দীৰ্ঘদিনে প্ৰেমৰ সম্পৰ্কৰে বান্ধ খাই আছিল মালাইকা অৰোৰা-অৰ্জুন কাপুৰ। দুয়োৰে ঘনিষ্ঠ সূত্ৰৰ মতে যথেষ্ট ভাল আছিল মলাইকা-অৰ্জুনৰ সম্পৰ্ক। সম্পৰ্ক বিচ্ছিন্ন হলেও শেষ নহ’ব দুয়োৰে মাজৰ আন্তৰিকতা। ভৱিষ্যতৰ কথা ভাৱি বুজাবুজিৰ মাজেৰেই বিচ্ছেদৰ পথ বাছি লৈছে দুয়ো।

কিন্তু এই বিচ্ছেদ সম্পৰ্কে মুখ নুখুলে মালাইকা অথবা অৰ্জুনে

পৰস্পৰৰ সন্মানৰ খাতিৰতে মনে-মনে থাকিব বিচাৰে দুয়ো। বিচ্ছেদৰ পাছতো কোনোধৰণৰ তিক্ততা গঢ়ি উঠা নাই অৰ্জুন-মালাইকাৰ মাজত। প্ৰয়োজনত সন্মান সহকাৰে থিয় দিছে ইজনে-আনজনৰ কাষত। দুয়োৰে বিচ্ছেদৰ বিষয়টো লৈ কোনোধৰণৰ তাচ্ছিল্য নিবিচাৰে অৰ্জুন অথবা মালাইকাই।

দীৰ্ঘদিনীয়া সম্পৰ্কৰ সফল সামৰনি ঘটাই সম্প্ৰতি দুয়ো ব্যস্ত নিজ-নিজ কৰ্মক্ষেত্ৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতীয় ক্ৰিকেটৰ নতুন মুখ্য নিৰ্বাচক হিচাপে নিযুক্ত প্ৰজ্ঞান ওঝা

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-এ প্ৰাক্তন ভাৰতীয় স্পিনাৰ প্ৰজ্ঞান...

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...