ভাৰতৰ হৈ খেলিব অসম তনয়াই

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব উমা ছেত্ৰীয়ে
তিনিওটা ফৰ্মেটৰ বাবে ভাৰতীয় দল ঘোষণা

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আইডিএফচি ফাৰ্ষ্ট বেংক ছিৰিজৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দল ঘোষণা। বৃহস্পতিবাৰে ঘোষণা কৰা দলটোত অসমবাসীক গৌৰৱান্বিত কৰি টীম ইণ্ডিয়াত স্থান লাভ কৰিছে অসমৰ উমা ছেত্ৰীয়ে। T20, ODI আৰু টেষ্ট মেচৰ বাবে ঘোষিত দলটোত স্থান লাভ কৰিছে বোকাখাতৰ উইকেট কীপাৰগৰাকীয়ে। BCCI-এ ঘোষণা কৰা দলটোত অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে হৰমনপ্ৰীত কৌৰক। উপ অধিনায়কৰ দায়িত্বত থাকিব স্মৃতি মান্ধনা। এদিনীয়া দলটোত স্থান পাইছে চেফালি বাৰ্মা, দীপ্তি শৰ্মা, জেমিমা ৰড্ৰিগেছ, ৰিচা ঘোষ(উইকেট কীপাৰ), দয়ালন হেমলতা, ৰাধা যাদৱ, আশা ছোভনা, শ্ৰেয়াংয়া পাটিল, ছৈকা ঈশাক, পূজা বস্ত্ৰকাৰ, ৰেণুকা সিং ঠাকুৰ, অৰুন্ধতী ৰেড্ডী আৰু প্ৰিয়া পুনিয়া। আনহাতে, টেষ্ট দলটোত চেফালি বাৰ্মা, শুভা সতীশ, জেমিমা ৰড্ৰিগেছ, ৰিচা ঘোষ, দীপ্তি শৰ্মা, স্নেহ ৰাণা, ছৈকা ঈশাক, ৰাজেশ্বৰৰি গাইকোৱাড়, পূজা বস্ত্ৰকাৰ, অৰুন্ধতী ৰেড্ডী, ৰেণুকা সিং ঠাকুৰ, মেঘনা সিং আৰু প্ৰিয়া পুনিয়াই স্থান পাইছে। আনহাতে T20 ছিৰিজৰ বাবে ঘোষিত দলটোত দলটোত চেফালী বাৰ্মা, দয়ালন হেমালতা, ৰিচা ঘোষ (উইকেট কীপাৰ), জেমিমাহ ৰড্ৰিগেছ, চাজনা সজীৱন, দীপ্তি শৰ্মা, শ্ৰেয়াংকা পাটিল, ৰাধা যাদৱ, অমনজোত কৌৰ , আশা ছোভানা, পূজা বস্ত্ৰকাৰ, ৰেণুকা ঠাকুৰ আৰু অৰুন্ধতী ৰেড্ডীয়েও স্থান লাভ কৰিছে। T20 দলটোত ষ্টেণ্ডবাই হিচাপে থাকিব ছাইকা ইছাকে। অহা ১৬ জুনৰ পৰা শৃংখলাৰ মেচসমূহ আৰম্ভ হ’ব। ১৩ জুনত বেংগালুৰুত ৱাৰ্ম আপ মেচত অংশ লোৱাৰ পিছতে

১৬ জুনত প্ৰথমখন এদিনীয়া
১৯ জুনত দ্বিতীয়খন এদিনীয়া মেচ
২৩ জুনত তৃতীয়খন ODI অনুষ্ঠিত হ’ব

তিনিওখন মেচ গাৰ্ডেন চিটী বেংগালুৰুতে অনুষ্ঠিত হ’ব। আনহাতে, ২৮ জুনৰ পৰা ১ জুলাইলৈ

চেন্নাইত একমাত্ৰ টেষ্ট মেচখন অনুষ্ঠিত হ’ব

টেষ্ট মেচখনৰ পিছত ৩খনীয়া T-20 মেচত অৱতীৰ্ণ হ’ব দুয়োটা দল

৫ জুলাইত প্ৰথমখন T-20 মেচ
৭ জুলাইত দ্বিতীয়খন T-20 মেচ আৰু
৯ জুলাইত তৃতীয়খন T-20 মেচ

অনুষ্ঠিত হ’ব। উল্লেখ্য যে, ২০০২ চনৰ ২৭ জুলাইত জন্ম গ্ৰহণ কৰা উমা ২০২৩ বৰ্ষত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অংশ আছিল। ২০২৩ চনৰ জুলাই মাহত উমাই ভাৰতীয় মহিলা দলৰ হৈ বাংলাদেশ ভ্ৰমণেৰে আন্তৰ্জাতিক ক্ৰিকেটত ভৰি থৈছিল। সেই সূত্ৰেই ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম গৰাকী অসমীয়া ৰূপে ইতিহাস সৃষ্টি কৰিছিল উইকেট-কিপাৰ আৰু বেটাৰগৰাকীয়ে। উমাৰ বিস্ফোৰক বেটিং চাবলৈ এতিয়া অপেক্ষা কৰিছে প্ৰতিজন অসমীয়াই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...