অনন্ত-ৰাধিকাৰ ‘শুভ আশীৰ্বাদ’ অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী

শুকুৰবাৰে অনুষ্ঠিত হ’ল শতিকাৰ আটাইতকৈ ব্যয়বহুল বিয়াখন। অৰ্থাৎ উদ্যোগপতি মুকেশ আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বহুচৰ্চিত বিয়া। দীৰ্ঘদিনে চৰ্চাত আছে অনন্ত-আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াখন। শেহতীয়াকৈ এই ৰাজকীয় বিয়াখনৰ দৃষ্টি আকৰ্ষণক অন্যতম কাৰণ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শনিবাৰে অনুষ্ঠিত হৈছিল নৱ-দম্পতি অনন্ত ৰাধিকাৰ ‘শুভ আশীৰ্বাদ’ অনুষ্ঠান। উক্ত দিনটোতে দৰা-কইনাৰ কাষত উপস্থিত হ’লগৈ নৰেন্দ্ৰ মোদী।

অলেখ ব্যস্ততাৰ মাজতে নৱ দম্পতিক আশীৰ্বাদ দিবলৈ কিছু সময় উলিয়ালে প্ৰধানমন্ত্ৰীয়ে। শনিবাৰে ‘জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰ’ত আয়োজিত অনুষ্ঠানত মোদী।

প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ লগে-লগে আগবাঢ়ি যায় মুকেশ আম্বানী আৰু নীতা আম্বানী। প্ৰধানমন্ত্ৰীজনক সাদৰেৰে আদৰি আনিলে আম্বানী দম্পতিয়ে। উপস্থিত অভ্যাগতক প্ৰণাম জনাই ভিৰৰ মাজেৰে দৰা-কইনাৰ কাষলৈ আগবাঢ়ি গ’ল নৰেন্দ্ৰ মোদী। মোদীৰ উপস্থিতিৰ লগে-লগে পূৰ্বতকৈয়ো যেন অধিক উজলি উঠিল ‘জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰ’।

অনুষ্ঠানত আয়োজিত ধৰ্মীয় পূজাতো অংশ ললে নৰেন্দ্ৰ মোদীয়ে। আশীৰ্বাদ দিলে নৱবিবাহিতা অনন্ত-ৰাধিকাক। অনন্ত-ৰাধিকাৰ বিয়াত মোদীয়ে অংশগ্ৰহণ কৰা কেইবাটাও ভিডিঅ’ সম্প্ৰতি ভাইৰেল সামাজিক মাধ্যমত। এই বিশেষ অনুষ্ঠানত উপস্থিত আছিল বহু VIP-VVIP। উপস্থিত আছিল দেশী-বিদেশী নামী-দামী তাৰকা। সকলোৰে মাজত আন্তৰিকতাৰে অনন্ত-ৰাধিকাক আশীৰ্বাদ প্ৰদান কৰিলে নৰেন্দ্ৰ মোদীয়ে। সম্প্ৰতি শতিকাৰ আটাইতকৈ ব্যয়বহুল বিয়া হিচাপে চিহ্নিত হল অগণন VIP-VVIPয়ে অংশগ্ৰহণ কৰা এই বিয়াখনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...