অনন্ত-ৰাধিকাৰ ‘শুভ আশীৰ্বাদ’ অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী

শুকুৰবাৰে অনুষ্ঠিত হ’ল শতিকাৰ আটাইতকৈ ব্যয়বহুল বিয়াখন। অৰ্থাৎ উদ্যোগপতি মুকেশ আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বহুচৰ্চিত বিয়া। দীৰ্ঘদিনে চৰ্চাত আছে অনন্ত-আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াখন। শেহতীয়াকৈ এই ৰাজকীয় বিয়াখনৰ দৃষ্টি আকৰ্ষণক অন্যতম কাৰণ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শনিবাৰে অনুষ্ঠিত হৈছিল নৱ-দম্পতি অনন্ত ৰাধিকাৰ ‘শুভ আশীৰ্বাদ’ অনুষ্ঠান। উক্ত দিনটোতে দৰা-কইনাৰ কাষত উপস্থিত হ’লগৈ নৰেন্দ্ৰ মোদী।

অলেখ ব্যস্ততাৰ মাজতে নৱ দম্পতিক আশীৰ্বাদ দিবলৈ কিছু সময় উলিয়ালে প্ৰধানমন্ত্ৰীয়ে। শনিবাৰে ‘জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰ’ত আয়োজিত অনুষ্ঠানত মোদী।

প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ লগে-লগে আগবাঢ়ি যায় মুকেশ আম্বানী আৰু নীতা আম্বানী। প্ৰধানমন্ত্ৰীজনক সাদৰেৰে আদৰি আনিলে আম্বানী দম্পতিয়ে। উপস্থিত অভ্যাগতক প্ৰণাম জনাই ভিৰৰ মাজেৰে দৰা-কইনাৰ কাষলৈ আগবাঢ়ি গ’ল নৰেন্দ্ৰ মোদী। মোদীৰ উপস্থিতিৰ লগে-লগে পূৰ্বতকৈয়ো যেন অধিক উজলি উঠিল ‘জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰ’।

অনুষ্ঠানত আয়োজিত ধৰ্মীয় পূজাতো অংশ ললে নৰেন্দ্ৰ মোদীয়ে। আশীৰ্বাদ দিলে নৱবিবাহিতা অনন্ত-ৰাধিকাক। অনন্ত-ৰাধিকাৰ বিয়াত মোদীয়ে অংশগ্ৰহণ কৰা কেইবাটাও ভিডিঅ’ সম্প্ৰতি ভাইৰেল সামাজিক মাধ্যমত। এই বিশেষ অনুষ্ঠানত উপস্থিত আছিল বহু VIP-VVIP। উপস্থিত আছিল দেশী-বিদেশী নামী-দামী তাৰকা। সকলোৰে মাজত আন্তৰিকতাৰে অনন্ত-ৰাধিকাক আশীৰ্বাদ প্ৰদান কৰিলে নৰেন্দ্ৰ মোদীয়ে। সম্প্ৰতি শতিকাৰ আটাইতকৈ ব্যয়বহুল বিয়া হিচাপে চিহ্নিত হল অগণন VIP-VVIPয়ে অংশগ্ৰহণ কৰা এই বিয়াখনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...