বিবাহ চলি থকা অৱস্থাত হঠাৎ অতিথি হ’ল আৰক্ষী-চাইল্ড লাইন

বাঙালীপাৰাৰ দেউচুঙা শান্তিপুৰত এগৰাকী কিশোৰীৰ ধুমধামৰে বিবাহৰ আয়োজন চলি আছিল। চিঠিযোগে পৰিয়ালৰ আমন্ত্ৰণমৰ্মে বিয়ালৈ সাজি-কাঁচি আহিছিল গাঁৱৰ ৰাইজৰ লগতে আলহী অতিথিও। ৰান্ধনীসকলেও মাছ-মাংসকে ধৰি বিধে বিধে খাদ্য প্ৰস্তুত কৰি অতিথিক আপ্যায়ন কৰিবলৈ একপ্ৰকাৰ সাজু হৈছিল। কিন্তু তেতিয়াই লাগিল অথন্তৰ। কইনা নাবালিকা বুলি আৰক্ষীয়ে চলালে অভিযান। লগত সহযোগী হ’ল স্বেচ্ছাসেৱী সংগঠন অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভলপমেণ্ট আৰু চাইল্ড লাইনৰ কৰ্মকৰ্তা।

কইনাৰ বয়স হৈছে মাথোন ১৬ বছৰ ২ মাহ ২০ দিন। বিয়াৰ ৫ দিন পূৰ্বে উলিয়াইছিল বয়সৰ ভুৱা প্ৰমাণ-পত্ৰ। ভুৱা প্ৰমাণ-পত্ৰত কইনাৰ বয়স দেখুওৱা হৈছিল ১৯ বছৰ। দৰা আছিল ৰঙিয়াৰ ছাইদুল আলী নামৰ এজন যুৱক। তথ্য লাভৰ পিছতে স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত আৰক্ষীৰ অভিযান। বিয়াঘৰত লাগিল হুৱাদুৱা, পলাল পিতৃ ৰহিম আলী

নাবালিকাগৰাকীৰ বিয়া ঠিক হৈছিল ৰঙিয়াৰ এজন যুৱকৰ সৈতে। সন্ধিয়া আহিব দৰা। আৰক্ষী সাজু দৰাঘৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ। ইতিমধ্যে ভুৱা বয়সৰ প্ৰমাণপত্ৰ বনোৱা যুৱক এজনক আৰক্ষীয়ে সোধা পোছাৰ বাৱে আটক কৰিছে। তামুলপুৰ জিলাৰ গোৰেশ্বৰ আৰক্ষী, সুৱাগপুৰ আৰক্ষী, নাগ্ৰিজুলি আৰক্ষী বিবাহস্থলীত উপস্থিত নাবালিকাগৰাকীৰ বিবাহত বাধা প্ৰদান কৰে। বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ মাজতে দেউচুঙা শান্তিপুৰৰ এই বিবাহৰ যো-জাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...