স্বাস্থ্যৰ বাবে কিয় উপকাৰী বাঁহ গাজ? কেইটামান কাৰণ

বাঁহ গাজ। বাঁহৰ পৰা ওলোৱা গজালিকেই বাঁহ গাজ বুলি কোৱা হয়। বাঁহ গাজ বেয়া পোৱা মানুহ হয়তো নোলাব। বহুতৰে ইয়াক দেখিলে লোভৰ পানীও পৰে। ইয়াক মাছৰ সৈতে পিটিকা, আঞ্জা, নাইবা আচাৰ কৰি খোৱাতো বহুতে পচণ্ড কৰে। নিজৰ সোৱাদৰ বাবে জনপ্ৰিয় এই বাঁহ গাজৰ আছে বহুতো উপকাৰী গুণ।

বাঁহ গাজৰ উপকাৰিতা

১. বাঁহ গাজত ভিটামিন, এণ্টি অক্সিডেণ্ট আদি পোৱা যায। যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।

২. গাজত উচ্চ হাৰত ফাইবাৰ পোৱা যায়। এই ফাইবাৰে আমাৰ পাচন তন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। গতিকে সুস্থ পাচন তন্ত্ৰৰ বাবে আপুনিও গ্ৰহণ কৰিব পাৰে বাঁহ গাজ।

৩. নিয়মীয়াকৈ বাঁহ গাজ খালে হৃদৰোগৰ সম্ভাৱনা কম হয়।

৪. বাঁহৰ গাজে ওজন হ্ৰাস কৰাতো সহায় কৰে।

৫. উচ্চ ৰক্তচাপৰ বাবে বাঁহৰ গাজ উপকাৰী। ই ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।

বি:দ্ৰ: এই প্ৰতিবেদন সাধাৰণ তথ্যৰ ভিত্তিতহে প্ৰস্তুত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে কিয় পদত্যাগ কৰিলে?

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে বুধবাৰে পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ...

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ'ল কেদাৰনাথ ধামৰ...

সাৱধান! গুৱাহাটীত ওলাইছে মেখেলা পিন্ধা চোৰ

বিহুৰ বতৰত ঘৰ এৰি যোৱাৰ পূৰ্বে এশবাৰ ভাবক। গুৱাহাটীত...

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...