পি এম কিষানৰ লাভ কৰিব দশম কিস্তি, কাইলৈ কৃষকৰ বাবে আহিল ভাল খবৰ!

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ দশম কিস্তি কেতিয়া আহিব? আজিকালি গাঁৱে-গাঁৱে, চাহৰ দোকানত কৃষকসকলৰ মাজত চৰ্চিত বিষয়। ইয়াৰ পূৰ্বে চৰ্চা চলিছিল যে ডিচেম্বৰ-মাৰ্চৰ কিস্তি ১৫ ডিচেম্বৰত আহিব, কিন্তু চৰকাৰ অথবা বিভাগে কোনো তথ্য প্ৰকাশ কৰা নাই আৰু এতিয়ালৈকে FTO জেনেৰেট হোৱা নাই। ইফালে একাংশ সংবাদ মাধ্যমৰ খবৰ ১৬ ডিচেম্বৰত দশম কিস্তি মুকলি কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।


দৰাচলতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ডিচেম্বৰত গুজৰাট চৰকাৰে প্ৰাকৃতিক কৃষি পদ্ধতিৰ ওপৰত আয়োজিত কৃষি কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰিব। অনুষ্ঠানটোত প্ৰায় ৫ হাজাৰ কৃষকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। বৃহস্পতিবাৰে নিজৰ ভাষণৰ পিছতে কৃষকৰ একাউণ্টত প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ ধন জমা হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, এতিয়ালৈকে চৰকাৰে কোনো দিন নিৰ্ধাৰণ কৰা নাই।


উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা বছৰৰ ২৫ ডিচেম্বৰত কৃষকৰ একাউণ্টলৈ ধন প্ৰেৰণ আৰম্ভ কৰিছিল। সেইদিনা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত ১৮ হাজাৰ কোটি টকা মুকলি কৰে। প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ কিস্তি হিচাপে দেশৰ ৯ কোটিতকৈও অধিক কৃষকৰ একাউণ্টলৈ ১৮ হাজাৰ কোটি টকা স্থানান্তৰ কৰা হৈছে। পৰৱৰ্তী সময়ত ২০২১ৰ ৩১ মাৰ্চলৈকে, এই কিস্তিৰ অধীনত ১০ কোটি ২৩ লাখ ৪৯ হাজাৰ ৪৪৩জন হিতাধিকাৰীৰ একাউণ্টত ধন জমা হৈছে।


একাউণ্টত ২ হাজাৰ ২ হাজাৰ টকাকৈ তিনিটা কিস্তিত প্ৰতি বছৰে ৬ হাজাৰ টকাকৈ লাভ কৰে কৃষকসকলে। এতিয়ালৈকে, চৰকাৰে ৯টা কিস্তি মুকলি কৰিছে আৰু ১২ কোটিৰো অধিক পঞ্জীভুক্ত কৃষকে আঁচনিখনৰ বাবে অপেক্ষা কৰি আছে। যিকোনো সময়ত কৃষকৰ বাবে আহিল ভাল খবৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...