মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ব্যক্তিগত বাসগৃহলৈ পেট্ৰ’ল বোমা

অশান্ত হৈ পৰিছে মেঘালয়ৰ পৰিস্থিতি। দুৰ্বৃত্তৰ পেট্ৰ’ল বোমা নিক্ষেপ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ব্যক্তিগত বাসগৃহলৈ। আপাৰ শ্বিলঙৰ ৩ মাইলত থকা ব্যক্তিগত আৱাসগৃহলৈ লক্ষ্য কৰি দেওবাৰে সন্ধিয়া পেট্ৰ’ল বোমা নিক্ষেপ কৰে অচিনাক্ত দুৰ্বৃত্তই। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। মুখ্যমন্ত্ৰী কনৰাড চাংমা চৰকাৰী আৱাসগৃহত থকা বাবে দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে। এতিয়াও শান্ত হোৱা নাই মেঘালয়ৰ পৰিস্থিতি। অশান্ত–জৰ্জৰ পাহাৰীয়া ৰাজ্যখনত ইতিমধ্যেই ৪খন জিলাত ৪৮ ঘণ্টাৰ বাবে সান্ধ্য আইন জাৰি কৰিছে মেঘালয় প্ৰশাসনে। ৪৮ ঘণ্টাৰ বাবে বন্ধ কৰা হৈছে মোবাইলৰ ইণ্টাৰনেট সেৱা। উল্লেখ্য যে প্ৰাক্তন HNLCৰ এজন বিদ্ৰোহীৰ এনকাউণ্টাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মেঘালয়ত। পূব খাচী পাহাৰ জিলাত কেইবাখনো বাহনত অগ্নিসংযোগ কৰিছিল বিদ্ৰোহী সংগঠনটোৱে। এই ঘটনা সামাজিক মাধ্যমযোগে বিয়পি পৰাৰ পিছতেই ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হয় পাহাৰীয়া ৰাজ্যখনত। পূব খাচী পাহাৰ, পশ্চিম খাচী পাহাৰ জিলাত সান্ধ্য আইন জাৰি কৰিছে মেঘালয় চৰকাৰে। সান্ধ্য আইন বলবৎ দক্ষিণ পশ্চিম খাচী হিলচ আৰু ৰি-ভয় জিলাতো। এই ঘটনাৰ পিছতেই অসমবাসীক শ্বিলং ভ্ৰমণ নকৰিবলৈ টুইটাৰ যোগে আহ্বান জনালে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। ইফালে মেঘালয়ৰ গৃহমন্ত্ৰী লখমেন ৰিমবুৰ মুখ্যমন্ত্ৰী কনৰাড চাংমালৈ এক পত্ৰ প্ৰেৰণ কৰি গৃহ বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনায়। মেঘালয়ৰ শেহতীয়া ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে মেঘালয়ৰ মানৱ অধিকাৰ আয়োগে। এই ঘটনাই মেঘালয়ত ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘন কৰিব বুলি প্ৰকাশ কৰে আয়োগে। ঘটনা সন্দৰ্ভত ১৫ দিনৰ ভিতৰত বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিছে। ঘটনা সন্দৰ্ভত মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ তদন্তৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...